ETV Bharat / state

বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ সম্পন্ন - বীৰ শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ

সম্পূৰ্ণ সামাজিক ৰীতি নীতিৰে বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ সম্পন্ন ৷ আনহাতে শুকুৰবাৰে অনুষ্ঠিত হ'ব লগা শ্বহীদ গৰাকীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

বীৰ শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ সম্পন্ন
author img

By

Published : Oct 31, 2019, 7:54 PM IST

Updated : Nov 1, 2019, 12:15 PM IST

সৰুপথাৰ,31 অক্টোবৰঃ পাক অধীকৃত কাশ্মীৰত 20 অক্টোবৰ তাৰিখে পাকিস্তানী সেনাৰ গুলিত নিহত হোৱা বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত ৷ বৰপথাৰৰ দীঘলীপথাৰৰ হাতীঘুলিস্থিত নিজ পিতৃৰ বাসগৃহত বৃহস্পতিবাৰে সম্পূৰ্ণ সামাজিক ৰীতি নীতিৰে অনুষ্ঠিত হয় শ্বহীদ গৰাকীৰ আদ্যশ্ৰাদ্ধ ৷ অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীয়ে আহি শ্বহীদ গৰাকীৰ পৰিয়ালৰ কাষত থিয় হৈ সমবেদনা জ্ঞাপন কৰে ৷ আনহাতে স্বামীৰ আদ্যশ্ৰাদ্ধত স্বাভাৱিকতে শোকত ভাগি পৰে পত্নী ধল বাহাদুৰ শ্ৰেষ্ঠ ৷ একেদৰে পিতৃৰ সপোন আৰু স্মৃতি সুঁৱৰি উচুপি উঠে শ্বহীদ গৰাকীৰ কন্যাও ৷

বীৰ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আদ্যশ্ৰাদ্ধ সম্পন্ন

ইফালে শুকুৰবাৰে শ্বহীদ গৰাকীৰ হাতীঘুলিস্থিত পিতৃ গৃহতেই আয়োজন কৰা হৈছে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি শ্বহীদ গৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিব ৷ দুপৰীয়া 12 বজাত বৰপথাৰৰ চকলি খেলপথাৰত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰে অৱতৰণ কৰাৰ পাচতেই পোনে পোনে ৰাওনা হ'ব শ্বহীদ গৰাকীৰ বাসগৃহলৈ ৷

কিন্তু গুৰুত্বপূৰ্ণ যে,শ্বহীদ গৰাকীৰ অন্তিম সৎকাৰৰ পাচৰে পৰা ধনশিৰি মহকুমা প্ৰশাসনে পৰিয়ালৰ লোকৰ কোনো ধৰণৰ খা খবৰ নোলোৱাত স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ এই বিষয়ে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতহে বৃহস্পতিবাৰে মহকুমা প্ৰশাসনৰ লোক আহি শ্বহীদ গৰাকীৰ ঘৰত উপস্থিত হৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক, নিজৰ জন্মদিনত ETV Bharatৰ শলাগ ললে যাদৱ পায়েঙে

Intro:পাকিস্হান অধিকৃত কাশ্মীৰত যোৱা ২০ অক্টোবৰৰ পুৱতি নিশা পাকিস্হানী সৈন্যৰ গুলীত নিহত হোৱা শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ আজি আদ্যশ্ৰাদ্ধ | হিন্দু নীতি অনুসৰি দ্বাদশ দিনা সামাজিক প্ৰথাৰে শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ বৰপথাৰৰ দীঘলীপথাৰ হাতীঘুলিৰ পিতৃ গৃহত আজি আদ্যশ্ৰাদ্ধ কৰা হৈছে | পূজাৰীৰ মন্ত্ৰ পাঠৰ জড়িয়তে শ্বহীদ পদম বাহাদুৰৰ পুত্ৰ চাহিলে ক্ৰিয়াৰ কাম কৰি গৈছে |
Body:স্বামীৰ আদ্যশ্ৰাদ্ধত শোকত ভাগি পৰিছে পত্নী ধল বাহাদুৰ শ্ৰেষ্ঠ | একেদৰে পিতৃৰ সপোনৰ কথা সোঁৱৰি উচুপি উঠে কন্যা মঞ্জুয়েও | ইফালে,কাইলৈ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ হাতীঘুলিৰ পিতৃ গৃহতেই ৰাজহুৱা আদ্যশ্ৰাদ্ধও আয়োজন কৰিছে | এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্হিত থাকি শ্বহীদ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰিবহি | দুপৰীয়া ১২ বজাত বৰপথাৰৰ চকলি খেলপথাৰত মূখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাচত শ্বহীদ গৰাকীৰ বাসগৃহলৈ ৰাওনা হব মুখ্যমন্ত্ৰী সোনোৱাল ।

ইফালে স্বহীদ গৰাকীৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হোৱা দিনাৰ পৰাই ধনশিৰি মহকুমা প্ৰশাসনে কোনো ধৰনৰ খা খবৰ নোলোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ১১ টা দিন অতিক্ৰম কৰাৰ পিছতহে আজি মহকুমা প্ৰশাসনৰ লোক আহি উপস্থিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । Conclusion:Byte :- স্থানীয় লোক
Byte :- স্থানীয় লোক
Byte :- স্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ জীয়ৰী

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Nov 1, 2019, 12:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.