ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান

author img

By

Published : Aug 9, 2019, 10:54 PM IST

গোলাঘাট,সৰুপথাৰ আৰু শদিয়াত শতাধিক কংগ্ৰেছীৰ বিজেপিত ৷ বিভিন্ন জাতীয়তাবাদী দল-সংগঠনৰ নেতা-কৰ্মীয়ে যোগদান কৰে গেৰুৱা শিবিৰত ৷ ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা বুলি মন্তব্য কৰে নতুন যোগদানকাৰীসকলে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপিত যোগদান

নিউজ ডেক্স,9 আগষ্টঃ ৰাজ্যৰ কংগ্ৰেছত অব্যাহত আছে ব্যাপক সাংগঠনিক খহনীয়া ৷ এই কথাকেই যেন পুনৰবাৰ প্ৰমাণ কৰি শুক্ৰবাৰে গোলাঘাট, সৰুপথাৰ আৰু শদিয়াত ব্যাপক সংখ্যাত কংগ্ৰেছ কৰ্মীয়ে পৰিধান কৰিলে গেৰুৱা বসন ৷ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি গমনৰ বিপৰীতে গোলাঘাট জিলাৰ জাতীয়তাবাদী শিবিৰৰ বহুকেইজন অগ্ৰণী নেতাই বিজেপিত যোগদান কৰে ৷ অসম গণ পৰিষদৰ গোলাঘাট নগৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় যুটীয়া সম্পাদক নিৰ্মল দত্তই বিজেপিত যোগদান । ইয়াৰ উপৰিও এগৰাকী যুৱতীয়ে বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বিজেপিত ।

আনহাতে, কংগ্ৰেছৰ দুৰ্গ স্বৰূপ সৰুপথাৰ বিধানসভা সমষ্টিতো পৰিলক্ষিত ব্যাপক খহনীয়া । একেদিনাই কংগ্ৰেছৰ প্ৰভাৱশালী নেতাসহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে । সৰুপথাৰ ৰাজহুৱা ভৱনৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টীৰ সৰুপথাৰ মণ্ডলৰ সংগঠন পৰ্ব, সদস্যতা অভিযানত কংগ্ৰেছৰ প্ৰভাৱশালী যুৱ নেতা প্ৰবাল প্ৰতীম সন্দিকৈ আৰু দীপৰাজ ছেত্ৰীয়ে আজি বিজেপিত যোগদান কৰে আৰু প্ৰায় দুই শতাধিক লোকে নতুনকৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱজিত বৰা, চাহ আৰু উন্নয়ন বৰ্ডৰ অধ্যক্ষ অমিয় বৰা, সৰুপথাৰ পৌৰসভাৰ পৌৰপতি বিপ্লৱ শৰ্মা, অবিচি মৰ্চাৰ উপ সভাপতি জীৱন চুতীয়া, সৰুপথাৰ যুৱ মৰ্চাৰ সভাপতি জ্যোতিৰঞ্জন বৰা, সক্ৰীয় বিজেপি কৰ্মী দীনেশ ভিলোৱাৰীয়াকে আদি কৰি বহুকেইজন বিজেপি নেতা ৷

শদিয়াতো দেখা গ'ল কংগ্ৰেছ নেতা-কৰ্মীৰ বিজেপি গমনৰ ধুম ৷ শদিয়া সমষ্টিৰ বিজেপি বিধায়ক বলিন চেতিয়া, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ললিত মৰাণৰ উপস্থিতিত আজি কাকপথাৰ অঞ্চলৰ অৰ্ধশতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷ আজি কাকপথাৰ পৰিদৰ্শন বাংলোত অনুষ্ঠিত হোৱা যোগদান সভাত কংগ্ৰেছ ছৈখোৱা ব্লকৰ সাধাৰণ সম্পাদক ক্ৰমে অমল বড়া, বসন্ত দুৱৰাৰ নেতৃত্বত কেইবাজনো ৱাৰ্ড সদস্যসহ অৰ্ধশতাধিকে বিজেপিত যোগদান কৰে ৷ বিজেপি বৰ্তমান উন্নয়নমুলক কামৰ লগতে দলটোৰ নীতি, আৰ্দশৰ পতি আকৃষ্ট হোৱাৰ উপৰিও শদিয়া সমষ্টিত কংগ্ৰেছৰ কিছু নেতাৰ একনায়কত্ববাদ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিৰিঞ্চী নেওগৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিত অতিস্ত হৈও দল এৰা বুলি জানিবলৈ দিয়ে সদ্য ত্যাগী কংগ্ৰেছ কৰ্মী সকলে ৷ আজিৰ সভাত স্থানীয় বিধায়ক, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতিকে ধৰি যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুৰজিৎ মৰাণ, বিধায়কৰ ব্যক্তিগত সহায়ক সীমান্ত মৰাণো উপস্থিত থাকে ৷

Intro:Body:গোলাঘাটত পুনৰ বিজেপিত যোগদান ৰাজনৈতিক দলৰ কৰ্মীৰ। অসম গণ পৰিষদ গোলাঘাট নগৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় যুটীয়া সম্পাদক নিৰ্মল দত্তৰ বিজেপিত যোগদান। ইয়াৰ উপৰিও এগৰাকী যুৱতীয়ে বিজেপিৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বিজেপিত। গোলাঘাট বিজেপিৰ অভিযোগ গোলাঘাট কংগ্ৰেছৰ শিৱিৰত খহনীয়াৰ সৃষ্টি হৈছে। আনফালে আকৌ কংগ্ৰেছৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ যোগদান কৰিছে বিজেপি দলত।Conclusion:Byte 1: বিজেপি নেতা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.