ETV Bharat / state

Congress slams BJP: সংবিধানৰ শপত লৈ গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে বিজেপি: দেৱব্ৰত শইকীয়া

author img

By

Published : Apr 1, 2023, 4:29 PM IST

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ শনিবাৰে গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ বিজেপি দলে গণতন্ত্ৰ ধ্বংস কৰিব বিচৰা বুলিও অভিযোগ দেৱব্ৰত শইকীয়াৰ (MLA Debabrata Saikia) ৷

Congress slams BJP
বিজেপি দল গণশত্ৰু; গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে: দেৱব্ৰত শইকীয়া

গোলাঘাট, 1 এপ্ৰিল: বিজেপি দল গণতন্ত্ৰৰ শত্ৰু ৷ সংবিধানৰ নামত শপত গ্ৰহণ কৰাৰ পাচতো গণতন্ত্ৰক ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে বিজেপি দলে ৷ গোলাঘাটত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ উল্লেখ্য যে, কংগ্ৰেছৰ জয় ভাৰত সত্যাগ্ৰহৰ অংশস্বৰূপে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা প্ৰসংগক লৈ সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছৰ নেতাসকলে ৷

সংবাদমেল সম্বোধন কৰি দেৱব্ৰত শইকীয়াই কয়, ‘‘যিটো দলৰ দেশৰ স্বাধীনতা সংগ্ৰামত কোনো অৰিহণা নাই সেই দলটোৱে নিৰ্বাচনৰ সময়ত দেশৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ ভুৱা প্ৰতিশ্ৰুতিৰ ভিত্তিতেই বিজেপি দলে একেৰাহে যোৱা 8 বছৰ ধৰি শাসন কৰি আছে ৷ এই শাসনৰ জৰিয়তে বিজেপিয়ে ভাৰতৰ গণতন্ত্ৰ ধ্বংস কৰিব বিচাৰিছে ৷’’ পাৰিলে সংবিধানখনো সকনি কৰাৰ প্ৰচেষ্টা বিজেপিয়ে অব্যাহত ৰখা বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে (Debabrata Saikia slams BJP) ৷

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই এই সমগ্ৰ প্ৰক্ৰিয়া বেআইনীভাৱে হৈছে বুলিও উল্লেখ কৰে ৷ সংবিধান উলংঘা কৰি এই কাম বিজেপিয়ে কৰা বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ ৷ চৰকাৰৰ বিপক্ষে মাত মতা লোকক ভয় আৰু ভাবুকি প্ৰদানেৰে তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব বিচৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে (Disqualification of Rahul Gandhi) ৷

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চাশ শতাংশ কংগ্ৰেছী মোৰ লগত আছে বুলি কোৱা প্ৰসংগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ দেৱব্ৰত শইকীয়াৰ ৷ তেওঁ কয়, ‘‘কংগ্ৰেছ বিৰোধী দল ৷ সেয়ে মুখ্যমন্ত্ৰীৰ লগত থাকিবই লাগিব দোষবোৰ উনুকিয়াই দিবলৈ (Debabrata Saikia on Himanta Biswa) ।’’

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰি কয়, ‘‘ অসম বিধানসভাত অনুমোদন হ’লেহে পুঁজি বিতৰণ কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা ৰাইজক অনুদান দিয়া নাই। ৰাইজৰ টকাহে হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিছে ।’’ সংবাদমেলৰ শেষত গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধী দলসমূহে মাত মাতি যাব বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: Price Hike in Assam: বিকশিত অসমত আজিৰে পৰা ক'ত ক'ত বৃদ্ধি পালে মূল্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.