ETV Bharat / state

উৎকোচ লৈ ধৰা পৰিল জাতীয় সংগঠনৰ নেতা

author img

By

Published : Nov 17, 2019, 3:41 AM IST

ৰাজহুৱাভাৱে ফাদিল হ'ল সংগঠনৰ নেতাৰ দূৰ্নীতি ৷ জাতি ৰক্ষাৰ নামত বেপাৰ চলাইছে সংগঠনৰ নেতাই ৷ বৃত্তি প্ৰদানৰ নামত নিজ জাতিৰ যুৱকৰ পৰা টকা লৈ সম্পত্তি গঢ়াৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে ৷

সভাস্থলীত উৎকোচ লোৱা টকা উভতাই বিচাৰিলে ৰুবুল দাসক

গোলাঘাট , 16 নৱেম্বৰঃ পোহৰলৈ আহিছে জাতি ৰক্ষাৰ নামত সংগঠন খুলি অসৎ উপায়েৰে ধন ঘটাৰ এক ঘটনা ৷ গোলাঘাট জিলাত বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত পৰিল ছাত্ৰ নেতা ৷ শনিবাৰে গোলাঘাট জিলাৰ মেৰাপানীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস ৷

সভাস্থলীত উৎকোচ লোৱা টকা উভতাই বিচাৰিলে সভাপতি ৰুবুল দাসক

অভিযোগমতে কেন্দ্ৰীয় সভাপতিজনে ২০১৬ চনতে মেৰাপানী অঞ্চলৰে পৰশমণি দাস নামৰ এজন যুৱকক বৃত্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দি চৌৰাল্লিশহাজাৰ টকা নিজৰ পত্নীৰ একাউণ্টযোগে উৎকোচ লৈছিল ৷ ধন লোৱাৰ পাছতে যুৱকজনৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল কেন্দ্ৰীয় সভাপতিজনে ৷ দেওবাৰে মেৰাপানীত অনুষ্ঠিত সাংগঠনিক সভাত যুৱকজন উপস্থিত হৈ সভাপতিজনৰ সন্মুখতে ধনখিনি ঘূৰাই দিবৰ বাবে ৰাজহুৱাভাৱে দাবী তোলে ৷ ইয়াৰ পাছতেই সভাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ প্ৰতিনিধিয়ে এই বিষয়টো সভাস্থলীত উত্থাপন কৰাৰ বাবে উভতি ধৰে ভুক্তভোগী যুৱকজনক ৷ জাতিৰ নামত বেপাৰ কৰি সম্পত্তিৰ পাহাৰ গঢ়া তথা সংগঠন এটাৰ সভাপতি এজন ৰাজহুৱা স্থানত ধনৰ লেন দেন সম্পৰ্কীয় বিষয়ৰ বাবে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হোৱা ধৰণৰ ঘটনাই আচম্বিত কৰি তুলিছে সচেতন মহলক ৷

লগতে পঢ়কঃ তথ্য জনাৰ অধিকাৰ আইনৰ আওঁতাত সৰ্বোচ্চ ন্যায়ালয় !

Intro:Body:বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত যুৱ ছাত্ৰ নেতা। জাতিৰ নামলৈ চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহত ব্যস্ত জাতীয় সংগঠনৰ নেতা। মেৰাপানীত সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি চৰম অপমানিত অনুসূচীত জাতিৰ কেন্দ্ৰীয় নেতা ৰুবুল দাস। বৃত্তি প্ৰদানৰ নামত স্বজাতিৰ যুৱকৰ পৰা ধন সংগ্ৰহ কৰি বিপদত যুৱ ছাত্ৰ নেতা। জাতিৰ নামত বজ্জাতি কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে একাংশ জাতীয় সংগঠনৰ নেতাই। আজি মেৰাপানীত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি খোদ কেন্দ্ৰীয় সভাপতিজনেই এক অনাহুত পৰিস্থিতিৰ সন্মুখীন হয়। ২০১৬ চনতে ৰুবুল দাসে মেৰাপানীৰ পৰশমণি দাস নামৰ এজন যুৱকক বৃত্তি প্ৰদান কৰিব বুলি চৌৰাল্লিশহাজাৰ টকা নিজৰ পত্নীৰ একাউণ্টযোগে জমা লৈছিল। ধন লোৱাৰ পাচত ৰুবুল দাসে যুৱকজনৰ সৈতে সকলো যোগাযোগ বন্ধ কৰি দিয়ে। কিন্তু আজি মেৰাপানীত ৰুবুল দাসক প্ৰত্যক্ষ কৰি সভাস্থলীতেই উক্ত ধনৰাশি ঘুৰাই দিয়াৰ দাবী তোলাত সভাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ প্ৰতিনিধিয়ে এই বিষয়টো এই সভাত কিয় উত্থাপন কৰিব বুলি ওভতি ধৰে। কিন্তু প্ৰৱঞ্চিত যুৱকজনে কেন্দ্ৰীয় সভাপতিজনক প্ৰমাণসহ ওভতি ধৰাক লৈ সভা বিশৃংখল হৈ পৰে। সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবলৈ আহি অনুসূচীত যুৱ ছাত্ৰ পৰিষদৰ খোদ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ৰাজহুৱা কৈ ধনৰ লেনদেনৰ বিষয়ত অপমানিত হ'ব লগা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।Conclusion:Byte 1 : প্ৰৱঞ্চনাৰ বলি হোৱা যুৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.