ETV Bharat / state

লাভলীনালৈ ONGC ৰ উপহাৰ... - ONGC

অসমৰ ক্ৰীড়া ইতিহাসত স্বৰ্ণিল অধ্যায় ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইলৈ এতিয়া এটাৰ পৰা আনটো উপহাৰ প্ৰদান কৰা হৈছে ৷ কিছুদিন পূৰ্বে ৰেনল্ট কোম্পানীয়ে লাভলীনাক এখন বিলাসী 'কাইগাৰ'(Renault Kiger) বাহন প্ৰদান কৰাৰ পাছত এইবাৰ অ’এনজিচিয়ে ক্ৰীড়াবিদগৰাকীলৈ আগবঢ়াইছে আন এক উপহাৰ ​৷

লাভলীনালৈ ONGC ৰ উপহাৰ
লাভলীনালৈ ONGC ৰ উপহাৰ
author img

By

Published : Aug 28, 2021, 4:05 PM IST

সৰুপথাৰ, 28 আগষ্ট : লাভলীনা বৰগোহাঁইক এটি ব্যক্তিগত উচ্চ মানদণ্ডৰ ব্যায়ামগাৰ (জিম) প্ৰদান কৰিব তেল আৰু প্ৰাকৃতিক গেছ আয়োগে (ONGC) । শুকুৰবাৰে অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত হৈ যোৰহাট চিনামৰাস্থিত আয়োগৰ( ONGC) ৰ কাৰ্যবাহী সঞ্চালক তথা আছাম এণ্ড আছাম আৰাকান বেচিন মেনেজাৰ সুষমা ৰাৱট আৰু জেনেৰেল মেনেজাৰ লিল পি চাৱাঙৰ লগতে উচ্চ পদস্থ বিষয়াসকল এই ঘোষণা কৰে ।

তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ বিষয়াসকলে লাভলীনাৰ বাৰমুখীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ লাভলীনাক সম্বৰ্ধনা জনোৱাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাই আৰু প্ৰথম গুৰু প্ৰশান্ত কুমাৰ দাসকো সম্বৰ্ধনা জ্ঞাপন কৰে । অনাগত দিনত লাভলীনাৰ দৰে যাতে আৰু বহুতো ক্ৰীড়া প্ৰতিভা ওলাই আহিব পাৰে, তাৰ বাবে আয়োগৰ তৰফৰ পৰা মহকুমাটোৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে অ’এনজিচিৰ কাৰ্যবাহী সঞ্চালকগৰাকীয়ে ।

লাভলীনালৈ ONGC ৰ উপহাৰ
লাভলীনালৈ ONGC ৰ উপহাৰ

ইফালে ক্ৰীড়া আন্তঃগাঁথনি নথকা বৰপথাৰ অঞ্চলত এটি বক্সিং ৰিঙৰ ব্যৱস্থা কৰিবলৈ অ’এনজিচি কৰ্তৃপক্ষক অনুৰোধ কৰে উপস্থিত লোকসকলে । প্ৰথম পৰ্যায়ত লাভলীনাক অ’এনজিচিয়ে ব্যক্তিগত ব্যায়ামগাৰটো প্ৰদান কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত বক্সিং ৰিঙৰ বিষয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷ ইতিমধ্যে অ’এনজিচি কৰ্তৃপক্ষই লাভলীনাক কেনে ধৰণৰ সুবিধাযুক্ত ব্যায়ামগাৰৰ প্ৰয়োজন, এই বিষয়ে খেলুৱৈগৰাকীৰ লগত আলোচনা কৰিছে ৷ সেইমতেই ব্যায়ামগাৰটো লাভলীনাক প্ৰদান কৰা হ'ব বুলি আয়োগৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বিজ্ঞাপনৰ ঢৌত উটি যাব নেকি লাভলীনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.