ETV Bharat / state

গোলাঘাটত পুনৰ কৰ'ণাত আক্ৰান্ত এজন

author img

By

Published : Jun 13, 2020, 5:08 PM IST

গোলাঘাটত পুনৰ এজনৰ দেহত কৰ'ণা অৱস্থিতি । আক্ৰান্ত লোকজন কেইবাজনৰো সংস্পৰ্শলৈ অহাৰ সন্দেহ । সংস্পৰ্শলৈ অহা এজনক হোম কোৱাৰেণ্টাইন ।

Golaghat
গোলাঘাটত পুনৰ কৰ'ণাত আক্ৰান্ত এজন

গোলাঘাট, 13 জুনঃ গোলাঘাটত কৰ'ণা আতংক । নুমলীগড়ৰ মুৰফুলনী চাহ বাগিচাত এজনৰ দেহত COVID 19 পজিটিভ পোৱাৰ পাছতে সমগ্ৰ চাহ বাগিচা অঞ্চলত এক আতংকময় পৰিৱেশ। কাৰণ কৰ'ণাক্রান্ত লোকজন কেইবাজনো লোকৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰিছে স্বাস্থ্যবিভাগে । আক্ৰান্ত অজিত পাত্ৰ নামৰ লোকজন ৮ জুনত পৰিয়ালসহ বাংগালুৰুৰ পৰা অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে । তিনিদিন গোলাঘাটত কোৱাৰেণ্টাইনত আছিল পৰিয়ালসহ লোকজন ।

গোলাঘাট

স্বাস্থ্য বিভাগে অজিত পাত্ৰৰ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখি হ'ম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ প্ৰেৰণ কৰে । ১১ জুনত অজিত পাত্ৰৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰা পাছতে তেওঁক ততাতৈয়াকৈ ১০৮ সেৱাৰ যোগেদি গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইফালে আক্ৰান্ত ব্যক্তিজনৰ পৰিয়ালৰ লোকে জনোৱা মতে কোৱাৰেন্টাইন কেন্দ্ৰত মহিলাসকলৰ বাবে উপযুক্ত সুবিধা নথকাৰ বাবে গোলাঘাট স্বাস্থ্য বিভাগে দুয়োজনক ঘৰলৈ পঠিয়াই দিয়ে ।

লগতে পঢ়কঃ অৰুণাচলত প্ৰদেশত বৰ্তমানলৈকে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৮৩ জনলৈ বৃদ্ধি

আনহাতে হ'ম কোৱাৰেণ্টাইনত থকাৰ সময়ত পৰিয়ালটোক মুৰফুলনী চাহ বাগিচাৰ চিকিৎসকে বাগিচাৰ চিকিৎসালয়লৈ মাতি নিয়ে। লগতে বাগিচা চিকিৎসালয়লৈ যাওঁতে পৰিয়ালটোৰ লগত বাগিচাখনৰ এজন লাইন মহৰীৰ লগতে বাগিচাখনৰে অন্য এজন ব্যক্তি সংস্পৰ্শলৈ অহাৰ কথা পোহৰলৈ আহিছে ।

অজিত পাত্ৰৰ দেহত কৰ'ণা অৱস্থিতি ধৰা পৰা পাছতে পৰিয়ালৰ বাকী সদস্যসকলকো স্বাস্থ্য বিভাগৰ লোকে পুনৰ কোৱাৰেণ্টাইনৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে । ইতিমধ্যে বাগিচাখনৰ লাইন মহৰী হাবিলচায় ওৰাং নামৰ লোকজনক হ'ম কোৱাৰেণ্টাইন কৰা হৈছে । উক্ত ঘটনাৰ পাছত শংকিত হৈ পৰিছে গোলাঘাটবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.