সৰুপথাৰ, ১৫ জুলাই: মঙলবাৰে নিশা প্ৰায় ১১-৩০ বজাত ভাই বৰা নামৰ যুৱকজনে তৰুণ বৰুৱা নামৰ যুৱকজনৰ ঘৰৰ সন্মূখেৰে গৈ থকা অৱস্থাত তৰুণ বৰুৱাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে । ঘৰৰ পৰা লৈ অহা দা এখনেৰে ডিঙি আৰু মুখমণ্ডলত উপৰ্যুপৰি ঘপিওঁৱাৰ ফলতেই ভাই বৰা নামৰ যুৱকজনৰ ঘটনাস্থলীতে মৃত্যু হয় ।
গাঁওখনৰ গাঁওবুঢ়া গৰাকীয়ে জানিবলৈ দিয়া মতে হত্যাকাৰী তৰুন বৰুৱা নামৰ যুৱকজনে পূৰ্বেও গাঁওখনত অসংখ্য মাৰপিটৰ দৰে ঘটনাৰ লগতে নানান অপকৰ্মৰেও জড়িত হৈ আহিছিল। পূৰ্বৰ এই ঘটনা সমূহৰ লগত জড়িতৰ অভিযোগত যুৱকজনৰ বিৰুদ্ধে পূৰ্বৰে পৰাই বিভিন্ন ধৰণৰ গোচৰ ৰুজু হৈ আছে বৰপথাৰ থানাত ।
ইতিমধ্যে বৰপথাৰ আৰক্ষীয়ে হত্যাকাৰী তৰুণ বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ কৰাৰ লগতে গোলাঘাট চৰকাৰী চিকিৎসালয়ত হত্যাকাণ্ডত নিহত হোৱা ভাই বৰাৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে। স্থানীয় লোকে ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তিৰ দাবী কৰিছে।
লগতে চাওকঃ কাছাৰৰ নতুন আৰক্ষী অধীক্ষক বনৱাৰীলাল মিনা