ETV Bharat / state

জম্মু-কাশ্মীৰত ছহিদ আৰু এজন অসম সন্তান

জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাৰ গুলিত প্ৰাণ ত্যাগ কৰিলে 39 নং গোৰ্খা ৰেজিমেন্ট জোৱান গোলাঘাটৰ পদুম বাহাদুৰ শ্ৰেষ্ঠই ৷

author img

By

Published : Oct 20, 2019, 11:58 PM IST

জম্মু-কাশ্মীৰত ছহিদ আৰু এজন অসম সন্তান

বৰপথাৰ, 20 অক্টোবৰ: জম্মু-কাশ্মীৰ সীমান্তত পাকিস্তানী সেনাৰ গুলিত ছহিদ হ'ল আৰু এগৰাকী অসম সন্তান ৷ শত্ৰুৰ গুলীয়ে প্ৰাণ ল'লে গোলাঘাট জিলাৰ বৰপথাৰ হাতিঘুলি গাঁৱৰ ধন বাহাদুৰ শ্ৰেষ্ঠৰ দ্বিতীয় পুত্ৰ তথা 39 নং গোৰ্খা ৰেজিমেন্টত কৰ্মৰত ভাৰতীয় সেনাৰ জোৱান পদুম বাহাদুৰ শ্ৰেষ্ঠৰ ৷ দেওবাৰে বিয়লি পদুম বাহাদুৰ শ্ৰেষ্ঠৰ পৰিয়ালক এই কথা জনাই ভাৰতীয় সেনাৰ সূত্ৰই ৷

প্ৰায় 42 বছৰীয়া জোৱানজনে মৃত্যুৰ সময়ত এৰি গৈছে পত্নী, দুই কন্যা, এজন পুত্ৰকে আদি কৰি নিজ পিতৃ মাতৃ আৰু বহু আত্মীয়ক ৷ ইফালে পদুমৰ মৃত্যুৰ বাতৰি পৰিয়ালক অৱগত পাছত শোকত ভগি পৰিছে ধন বাহাদুৰ শ্ৰেষ্ঠৰ সমগ্ৰ পৰিয়াল ৷ জোৱান জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৰ্তমান ছহিদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ বাসগৃহত ভিৰ কৰিছে হাতিঘুলি গাঁৱবাসীৰ লগতে অসংখ্য লোকে ৷ উল্লেখযোগ্য যে, চাৰি মাহৰ আগতে ঘৰৰ পৰা গৈ চাকৰিত যোগদান কৰিছিল ছহিদ পদুম বাহাদুৰ শ্ৰেষ্ঠই ৷

অতি ভিতৰুৱা গাঁও হাতিঘুলিত জন্ম গ্ৰহণ কৰা শ্বহীদ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ মৃত্যুত সমগ্ৰ ৰাজ্যত এতিয়া শোকৰ ছাঁ পৰিছে ৷

জম্মু-কাশ্মীৰত ছহিদ অসম সন্তান

Intro:জম্মূ কাশ্বীৰ সীমান্তত পাকিস্হান সেনাৰ হাতত নিহত হৈছে অসম সন্তান | ৩৯ নং গোৰ্খা ৰেজিমেন্চৰ কৰ্মৰত গোলাঘাট জিলাৰ বৰপথাৰ হাতিঘুলি গাঁৱৰ ধন বাহাদুৰ শ্ৰেষ্ঠৰ দ্বিতীয় পুত্ৰ পদুম বাহাদুৰ শ্ৰেষ্ঠৰ মৃত্যুৰ খবৰ বিয়লি পৰিয়ালৰ লোকক দিয়ে | Body:প্ৰায় ৪২ বছৰীয়া জোৱান জনে পত্নী,দুই কন্যা,এজন পুত্ৰ,পিতৃ মাতৃসহ বহু আত্মীয়ক এৰি গৈছে | খবৰ বিয়পি পৰাৰ লগে লগে পৰিয়ালটোত শোক নামি আহে আৰু গাঁওবাসী পৰিয়ালটোত গৈ সমবেদনা জ্ঞাপন কৰেগৈ
চাৰি মাহৰ আগতে ঘৰৰ পৰা গৈ চাকৰিত যোগদান কৰিছিল গৈ পদুম বাহাদুৰ শ্ৰেষ্ঠ | অতি ভিতৰুৱা গাঁৱ হাতিঘুলিত জন্ম গ্ৰহন কৰিছিল শ্বহীদ জোৱান জনConclusion:Byte :-1 মাতৃ
Byte :-2 পিতৃ
Byte :- 3 স্থানীয় লোক

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.