ETV Bharat / state

নুমলীগড়ত দপদপাই জ্বলি উঠিল তেলভৰ্তি টেংকাৰ

নিশা প্ৰায় 1.30 বজাত নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ টেংকাৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পতিত হৈ দপদপাই জ্বলি উঠে তেলভৰ্তি টেংকাৰখন ৷

দপদপাই জ্বলি উঠিল তেলভৰ্তি টেংকাৰ
দপদপাই জ্বলি উঠিল তেলভৰ্তি টেংকাৰ
author img

By

Published : Feb 15, 2020, 10:41 AM IST

নুমলীগড়, 15 ফেব্ৰুৱাৰীঃ নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছ অঞ্চলত নিশা প্ৰায় 1.30 বজাত সংঘটিত হয় এক ভয়ংকৰ টেংকাৰ দুৰ্ঘটনা ৷ গোলাঘাট নুমলীগড়ৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰম অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ দপদপাই জ্বলি উঠে AS23 D1795 নম্বৰৰ তেলভৰ্তি টেংকাৰখন ৷ লগে লগে জুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো ৷

দপদপাই জ্বলি উঠিল তেলভৰ্তি টেংকাৰ

দুৰ্ঘটনাৰ ফলত বহু ঘন্টাজুৰি ঘাইপথটোত বন্ধ হৈ থাকে যান বাহনৰ চলাচল ৷ শংকিত স্থানীয় ৰাইজে ততাতৈয়াকৈ নুমলীগড় আৰক্ষী চকীত খবৰ দিয়াত, বোকাখাত আৰু গোলাঘাটৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ নিৰবছিন্ন প্ৰচেষ্টাৰ ফলত জুই নুমাবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়তে গাড়ী এৰি পলায়ন কৰে গাড়ী চালক আৰু সহায়কজনে ৷

লগতে পঢ়কঃ গোলাঘাটত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.