গোলাঘাট, 14 ছেপ্তেম্বৰঃ গোলাঘাটৰ নুমলীগড়ত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ সোমবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰাবাংলাত ছাত্ৰ মুক্তি,কৃষক মুক্তি,নাৰী মুক্তি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে দু-ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷
প্ৰতিবাদকাৰীসকলৰ অভিযোগ শাসনাধীন বিজেপি চৰকাৰৰ শোষণত অসমৰ জনতা অতিষ্ঠ হৈ পৰিছে ৷ যাৰ বাবে সাম্প্ৰতিক সময়ত বিভিন্ন আঞ্চলিক দলসমূহৰ লগতে শিল্পী সমাজ ৰাজনীতি ক্ষেত্ৰখনলৈ ধাৱমান হ’বলৈ বাধ্য হৈছে ৷ ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন আৰু EIA-2020 অতি শীঘ্ৰে উঠাই ল’বলৈ চৰকাৰক আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক-স্বাস্থ্য বিভাগৰ হেমাহিৰ বাবে বিশ্বনাথত প্ৰাণ গ'ল ৰোগীৰ