ETV Bharat / state

মধ্যাহ্ন ভোজন: "অসমীয়াৰ কাম নাই ৷ ফাল্টু অসমীয়া": চিৰাজ খান - চিৰাজ খানৰ অশ্লীল গালি-গালাজ

ৰাজ্যজুৰি মধ্যাহ্ন ভোজনক লৈ তীব্ৰ বিতৰ্কৰ মাজতে গোলাঘাটত এন জি অৰ পৰিচালকৰ গুণ্ডাগিৰি । অসমীয়া জাতিক ধৰি গালি গালাজ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ এজন ঠিকাদাৰক অসভ্য আচৰণ কৰা ঘটনাই গোলাঘাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

চিৰাজ খান
author img

By

Published : Nov 7, 2019, 9:32 PM IST

গোলাঘাট, 7 নৱেম্বৰ: দেশৰ ৰাজধানী চহৰত ব্লেক লিষ্টেড হোৱা NGOৰ প্ৰতি দৰদ দেখুৱাই অপমানৰ সমুখীন হ'বলগীয়া হ'ল অসমীয়া ৷ "অসমীয়াৰ কাম নাই ৷ ফাল্টু অসমীয়া ৷ " থলুৱাৰ ভাত মাৰি বহিৰাগতক বৰপীৰা পাৰি দিয়াৰ পিচত অসমীয়াক এই সম্বোধন বহিৰাগত এন জি অ ৰ পৰিচালকৰ ৷

অভিযোগ অনুসৰি, দয়াৱতী এডুকেশ্বনেল চেৰিটেৱল চ'ছাইটিয়ে দুদিনৰ বাবে হেমন্ত শইকীয়াৰ এস্কেভেটৰ ভাড়ালৈ লোৱাৰ পিচত অনাদায় ৬ হাজাৰ টকা বিচৰাৰ বাবে অসমীয়া জাতিক ধৰি অশ্লীল গালি গালাজ কৰে চিৰাজ খানে । পাবলগীয়া ধন বিচাৰি হেমন্ত শইকীয়াৰ কৰ্মচাৰী ৬-৭ দিন এন জি অ টোৰ কাৰ্যালয়লৈ যায় যদিও কৰ্মচাৰী কেইজনক ধন আদায় নকৰি গালি গালাজ কৰি উভোতাই পঠিয়াই চিৰাজ খানে। বুধবাৰে ঠিকাদাৰ গৰাকীয়ে নিজেই কাৰ্যালয়ত উপস্থিত হৈ অনাদায় ধনৰাশি বিচৰাৰ লগে লগে উত্তৰ প্ৰদেশৰ চিৰাজ খানে অসমীয়া জাতিক ধৰি অশ্লীল গালি গালাজ কৰে ৷

অসমীয়াক NGO পৰিচালকৰ অশ্লীল গালি-গালাজ

ইমানৰ পিচতো মৌন হয় থাকিব নে প্ৰশাসন ?

Intro:ৰাজ্যজুৰি মধ্যাহ্ন ভোজনক লৈ তীব্ৰ বিতৰ্কৰ মাজতে গোলাঘাটত এন জি অৰ পৰিচালকৰ গুণ্ডাগিৰি । অসমীয়া জাতিক ধৰি গালি গালাজ কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ এজন ঠিকাদাৰক অভব্য আচৰণ কৰা ঘটনাই গোলাঘাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত অনা-অসমীয়া এন জি অ পৰিচালক চিৰাজ খানক গোলাঘাট আৰক্ষীৰ আটক ।Body:ৰাজ্যৰ বিদ্যালয় সমূহত মধ্যাহ্ন ভোজন যোগান ধৰিবলৈ চৰকাৰে এন জি অ'ক দায়িত্ব প্ৰদান কৰাৰ পাছত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰি থকাৰ মাজতে গোলাঘাটত এন জি অৰ পৰিচালকৰ গুন্দাগিৰি । গোলাঘাটৰ কছাৰীহাটত অৱস্থিত এন জি অৰ ৰান্ধনিশালৰ পৰিচালক চিৰাজ খানে গোলাঘাটৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হেমন্ত শইকীয়াক কৰে অভব্য আচৰণ । অসমীয়া জাতিক ধৰি অভব্য মন্তব্যৰে দাদাগিৰি কৰাৰ উপৰিও অসমীয়াৰ কাম নাই, ফাল্টু অসমীয়া" আদি শব্দৰে জাতিক লৈ কৰা অপমানে গোলাঘাটত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । দয়াৱতী এডুকেশ্বনেল চেৰিটেৱল ছছাইটি নামৰ এন জি অ টোৰ ৰান্ধনি শালৰ পৰিচালক চিৰাজ খানৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত অভিযোগ দাখিল কৰে ঠিকাদাৰ হেমন্ত শইকীয়াই । অভিযোগ অনুসৰি দয়াৱতী এডুকেশ্বনেল চেৰিটেৱল ছছাইটিয়ে দুদিনৰ বাবে হেমন্ত শইকীয়াৰ এস্কেভেটৰ ভাড়ালৈ লোৱাৰ পাছত অনাদায় ৬ হাজাৰ টকা বিচাৰি যাওতেই কৰে এই অভব্য আচৰণ । পাব লগীয়া ধন বিচাৰি হেমন্ত শইকীয়াৰ কৰ্মচাৰী ৬-৭ দিন এন জি অ টোৰ কাৰ্যালয়লৈ যোৱাৰ পাছতো ধন আদায় নিদি প্ৰায়ে গালি গালাজ কৰি উভোটাই পঠিয়াইছিল । বুধবাৰে ঠিকাদাৰ গৰাকীয়ে নিজেই কাৰ্যালয়ত উপস্থিত হৈ অনাদায় ধনৰাশি বিচৰাৰ লগে লগে উত্তৰ প্ৰদেশৰ চিৰাজ খানে অসমীয়া জাতিক ধৰি অশ্লীল গালি গালাজ কৰিবলৈ ধৰে । ঘটনাৰ পিছতে গোলাঘাট আৰক্ষী থানাত হেমন্ত শইকীয়াই অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে চিৰাজ খানক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে । অন্যহাতে মধাহ্ন ভোজন বিতৰণৰ ক্ষেত্ৰত এই এন জি অ টোয়ে আজিও জিলাখনৰ বিভিন্ন স্থানত ব্যাপক বেমেজালি সৃষ্টি কৰি অহাৰ অভিযোগ উথাপন হৈ আহিছে । অনা অসমীয়া এই এন জি অ পৰিচালকৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে কব ।Conclusion:Byte_1_হেমন্ত শইকীয়া
Byte_2_চিৰাজ খান
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.