ETV Bharat / state

হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস ৷ অসমীয়া সংস্কৃতিত হস্ততাঁত শিল্পৰ আছে বিশেষ স্থান ৷ এই শিল্পই বিশ্ব দৰবাৰত অসমীয়া জাতিৰ গৌৰৱৰ পৰিচায়ক হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ দক্ষ শিপিনীসকলে আজিও জীয়াই ৰাখিছে এই পৰম্পৰা ৷ ইয়াৰে ভিতৰত অন্যতম গোলাঘাটৰ ৰেণু দাস ৷

author img

By

Published : Aug 7, 2020, 7:41 PM IST

ৰেণু দাস
ৰেণু দাস

গোলাঘাট, 7 আগষ্ট: হস্ততাঁত শিল্প আমাৰ সাংস্কৃতিক ঐতিহ্য আৰু জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ । হস্ততাঁত শিল্পই ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে জনজীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷ এই ক্ষেত্ৰত বিশ্ব দৰবাৰত শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ চাহিদা হৈছে অসমীয়া জাতিৰ গৌৰৱৰ পৰিচায়ক ৷ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বহু দেশলৈ বিয়পি আছে অসমৰ হস্ততাঁত শিল্পৰ গৰিমা ৷ দক্ষ শিপিনীসকলে আজিও জীয়াই ৰাখিছে এই পৰম্পৰা ৷ ইয়াৰে ভিতৰত অন্যতম গোলাঘাটৰ ৰাংঢালী গাঁৱৰ ৰেণু দাস ৷

ষাঠিৰ উৰ্ঘৰ বয়সতো নিৰৱচ্ছিন্নভাৱে তেওঁ কাপোৰত বাছি গৈছে ফুল
ষাঠিৰ উৰ্ধৰ বয়সতো নিৰৱচ্ছিন্নভাৱে তেওঁ কাপোৰত বাছি গৈছে ফুল

ষাঠিৰ উৰ্ধৰ ৰেণু দাসে আজিও এই শিল্পক জীৱনৰ লগৰী কৰি পোহপাল দি আহিছে নিজৰ পৰিয়ালটোক ৷ আজিৰ পৰা ২৭ বছৰ পূৰ্বে তেওঁৰ স্বামীয়ে 3 টাকৈ সন্তানসহ মাতৃ ৰেণু দাসক অকলশৰীয়া কৰি ত্যাগ কৰিছিল ইহসংসাৰ ৷ তাৰ পাচতেই 3 সন্তানক লগত লৈ জীৱন যুদ্ধত অকলশৰীয়া হৈ পৰিছিল ৰেণু দাস ৷ কি দৰে 3 সন্তানক লৈ ঘৰ চলাব তেওঁ ? তথাপিও থমকি নৰ'ল তেওঁ ৷ অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা হস্ততাঁত শিল্পৰ জৰিয়তে জীৱিকাৰ পথ মুকলি কৰিলে ৰেণু দাসে ৷

ৰেণু দাসে নিজ হাতে বোৱা কাপোৰ
ৰেণু দাসে নিজ হাতে বোৱা কাপোৰ

তাঁতশালত বহি নিজৰ পৰিয়াল চলাই যোৱাৰ সংকল্প ল'লে অকলশৰীয়া ৰেণু দাসে ৷ এই শিল্পক জীৱিকাৰ সম্বল হিচাপে সৰোগত কৰিয়েই তেওঁ এগৰাকী সন্তানক উচ্চ শিক্ষা প্ৰদান কৰি নিজৰ ভৰিত ঠিয় দিয়াৰ যোগ্য কৰি তোলে ৷ কিন্তু অভাৱৰ বাবে তেওঁ আন দুগৰাকী সন্তানক দিব নোৱাৰিলে পৰ্যাপ্ত শিক্ষা ৷ তথাপি ঘৰ চলোৱাৰ ক্ষেত্ৰত কোনো দিনেই পিছ হুহকি অহা নাই তেওঁ ৷

নিজৰ বোৱাৰীৰ লগতে ওচৰ-চুবুৰীয়া জীয়ৰী-বোৱাৰীকো তেও প্ৰদান কৰে তাঁত বোৱাৰ প্ৰশিক্ষণ
নিজৰ বোৱাৰীৰ লগতে ওচৰ-চুবুৰীয়া জীয়ৰী-বোৱাৰীকো তেওঁ প্ৰদান কৰে তাঁত বোৱাৰ প্ৰশিক্ষণ

বৰ্তমান নিজৰ বোৱাৰীৰ উপৰিও ওচৰ-চুবুৰীয়া লোকক তাঁত বোৱাৰ প্ৰশিক্ষণ দিয়ে ৰেণু দাসে ৷ ৰেণু দাসৰ এই পদক্ষেপে তেওঁক স্বাৱলম্বীতা প্ৰদান কৰাৰ ওপৰিও, অসমীয়াৰ পৰম্পৰাগত শিল্পটো ৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা আগবঢ়াইছে ৷ আধুনিকতাৰ ধামখুমীয়াৰ মাজতো হস্ততাঁত শিল্পই কেনেদৰে এগৰাকী লোকক স্বাৱলম্বী কৰি তুলিব পাৰে তাৰেই এক উদাহৰণ দাঙি ধৰিলে ৰেণু দাসে ৷

হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বস্ত্ৰ দিৱস উপলক্ষ্যে হস্ততাঁত বস্ত্ৰমন্ত্ৰী ৰঞ্জিৎ দত্তৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.