গোলাঘাট,২০ মাৰ্চ: ২১ মাৰ্চ অৰ্থাৎ দেওবাৰে গোলাঘাট জিলাৰ বোকাখাত সমষ্টিত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল বিজয় সংকল্প সমাৱেশ । প্ৰায় ১ লাখৰো অধিক বিজেপি কৰ্মীৰ লগতে নৰেন্দ্ৰ মোডীৰ অনুৰাগীয়ে অংশ লোৱাৰ আশা কৰা হৈছে বিজয় সংকল্প সমাৱেশত ।
ইয়াকে লৈ অসম আৰক্ষীৰ এটা বৃহৎ দলে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তুলিছে সমগ্ৰ অঞ্চলত । নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ছোৱাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সমস্যা সৃষ্টিৰ আশংকা কৰি দেওবাৰে পুৱা ৮ বজাৰ পৰা ১২ বজালৈকে গুৱাহাটীৰ দিশৰ পৰা অহা বাহনসমূহক নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু হেমচন্দ্ৰ গোস্বামী পথেৰে দেৰগাঁও হৈ যোৱাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।
![প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ গোলাঘাট জিলা প্ৰশাসন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-glt-801-20mar-narendramodimeetingpreparation-vis-byte-as10024_20032021141717_2003f_1616230037_657.jpg)
একেদৰে যোৰহাট দিশৰ পৰা অহা বাহনসমূহ দেৰগাঁও হেমচন্দ্ৰ গোস্বামী আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নুমলীগড় হৈ যাব লাগিব । বোকাখাত সমষ্টিৰ ঐতিহাসিক মহুৰা পথাৰত আয়োজন কৰা এই অনুষ্ঠানত মোতায়েন কৰা হৈছে শীৰ্ষ পৰ্যায়ৰ ১০ গৰাকী আৰক্ষী বিষয়াৰ লগতে প্ৰায় ২০০০ জোৱান ।
নৰেন্দ্ৰ মোডীয়ে বোকাখাতৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব । উক্ত অনুষ্ঠানত উজনি অসমৰ লগতে নগাঁও, কাৰ্বি আংলং, তেজপুৰ আদি অঞ্চলৰ পৰা আগমন ঘটিব বহু বিজেপি কৰ্মীৰ ।
লগতে পঢ়ক: পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা