ETV Bharat / state

NAAC A+: দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ নাকৰ A+ স্বীকৃতি - Joy over NAAC recognition

দেৰগাঁৱত আনন্দৰ ঢৌ । দীৰ্ঘদিনৰ কষ্ট, চেষ্টাৰ অন্তত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ আহিল বহু প্ৰত্যাশিত সেই সু-খবৰ । মহাবিদ্যালয়খনে লাভ কৰিলে নাকৰ A+ স্বীকৃতি । ইয়াৰ পাছতে মহাবিদ্য়ালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীয়ে উলিয়ালে এক সমদল ।

NAAC A+ to Dergaon Kamal Duvara College
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ নাকৰ A+
author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 6:38 PM IST

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ নাকৰ A+

দেৰগাঁও,১৫ ছেপ্টেম্বৰ: দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়লৈ আহিল এক সুখবৰ । দেৰগাঁৱ কমল দুৱৰা মহাবিদ্যালয়ে লাভ কৰিলে নাকৰ A+ স্বীকৃতি । এই স্বীকৃতি লাভ কৰাৰ পাছতে মহাবিদ্যালয়খন ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীৰ মাজত বৈছে আনন্দ-উল্লাসৰ বন্যা ।

নিৰন্তৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত সফলতা শিখৰত দেৰগাঁৱৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান গোলাঘাট জিলাৰ দেৰগাঁও তথা দেৰগাঁও সমষ্টিৰ একমাত্ৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় আজিৰ সময়ত প্ৰত্যেকজন দেৰাগাঁওবাসীৰ সপোন তথা গৌৰৱ প্ৰতীক । উন্নতমানৰ শিক্ষণ প্ৰণালী আৰু শৈক্ষিক পৰিৱেশেৰে ৰাজ্যৰ ভিতৰতে জিলিকি থকা মহাবিদ্যালয় ভিতৰত এক অন্যতম ।

শেহতীয়াকৈ NAAC ৰ মূল্যায়ন প্ৰক্ৰিয়াত মহাবিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিবলৈ সক্ষম হোৱাত এতিয়া মহাবিদ্যালয়খন লগতে দেৰগাঁৱত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ । এই ফলাফলত এতিয়া উৎফুল্লিত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় দেৰগাঁওবাসী ৰাইজ । এই বিৰল স্বীকৃতি লাভ কৰাৰ পিছতে শুকুৰবাৰে এক সংবাদ মেল সম্বোধন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই কয় সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

সংবাদমেলত তেওঁ কয় যে, মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, ছাত্র-ছাত্ৰী, অভিভাৱক মঞ্চ, প্ৰাক্তন শিক্ষাৰ্থী পৰিচালনা সমিতিৰ প্ৰচেষ্টা, একগ্ৰতা আৰু পৰিশ্ৰম ফলত এই পৰ্যায় পাবলৈ সক্ষম হৈছোঁ । আজি মহাবিদ্যালয়খনে আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশতে আকৰ্ষণীয় এক পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হৈছে ।

উল্লেখ্য যে নাকৰ এক উচ্চস্তৰীয় দলে ২২ আৰু ২৩ আগষ্টত মহাবিদ্যালয়খন পৰিদৰ্শন কৰিছিল আৰু ১৪ ছেপ্টেম্বৰ NAAC মহাবিদ্যালয়খনক A+ স্বীকৃতি প্ৰদান কৰে । তাৰ পাছতেই দেৰগাঁৱৰ লগতে মহাবিদ্যালয়খনত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হয় । তাৎপৰ্যপূৰ্ণ ৰ্যে ২০০৩ বৰ্ষত দেৰগাঁৱ কমল দুৱৰা মহাবিদ্যালয়ে নাকৰ পৰা B+ আৰু ২০১১ বৰ্ষত A স্বীকৃতি পাবলৈ সক্ষম হৈছিল আৰু ২০২৩ বৰ্ষত A+ স্বীকৃতি পাবলৈ সক্ষম হ'ল ।

লগতে পঢ়ক: Teok missing news:সন্তানৰ মুখলৈ চাই ঘূৰি আহিবলৈ অনুৰোধ পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.