সৰুপথাৰ,২ ছেপ্টেম্বৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট বৰবিলত যোৱা ৬ আগষ্টত সংঘটিত হৈছিল এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনা ৷ পুৱা ঘৰৰ পৰা ওলাই যোৱা মহিলাগৰাকীৰ সন্ধান নাই আজিলৈকে । মহিলাগৰাকীক ঘূৰাই নাপাই শোকত ভাগি পৰিছে পৰিয়ালৰ লোক ।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি নিৰুদ্দেশ হোৱা সংগীতা চাও নামৰ মহিলাগৰাকী একেখন গাঁৱৰে মুনিন্দ্ৰ শইকীয়াই মাতি নিছিল । পৰিয়ালৰ লোকে জনোৱা অনুসৰি মুনিন্দ্ৰ শইকীয়া নামৰ যুৱকজনে তামোল বিক্ৰী কৰাৰ নামত বহু পৰিমানৰ ধন লৈছিল সংগীতাৰ পৰা । সেই সংক্ৰান্ততেই সংগীতা চাওক মুনিন্দ্ৰই নিজ গৃহলৈ মাতি পঠাইছিল । মহিলাগৰাকী মুনিন্দ্ৰৰ ঘৰলৈ যোৱাৰে পৰা আজি পৰ্যন্ত উভতি নাহিল নিজ গৃহলৈ ।
ইয়াৰ পিছতেই পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছত উৰিয়ামঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ১১ আগষ্টত মূল অভিযুক্ত মুনিন্দ্ৰ শইকীয়া আৰু তেওঁৰ সহযোগী দীনেশ ওৰাঙক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । অভিযুক্ত মুনিন্দ্ৰ শইকীয়াই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল যে তেখেতেই সংগীতা চাওক হত্যা কৰি উটুৱাই দিছিল দৈয়াং নদীত ।
ইমানৰ পাছতো প্ৰায় ২৮ দিন হল সন্দেহজনক অপহৰণৰ আৰু হত্যাকাণ্ডৰ ঘটনাৰ । কিন্তু আজিও পৰিয়ালৰ লোকে নাপালে নিৰুদিষ্ট মহিলাগৰাকীৰ কোনো সম্ভেদ । সেয়েহে পৰিয়ালৰ লোকে এতিয়া ক্ষোভ উজাৰিছে আৰক্ষীৰ ওপৰত উজাৰিছে ক্ষোভ । অতি শীঘ্ৰে এই ঘটনাৰ এক তদন্ত আৰম্ভ কৰি জীৱিত অৱস্থাত অথবা মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিবলৈ দাবী উত্থাপন কৰাৰ লগতে অভিযুক্ত মুনিন্দ্ৰ শইকীয়াক কঠোৰ শাস্তি বিহিবলৈও দাবী জনাই পৰিয়ালৰ লোকে ।
লগতে পঢ়ক: Flood in Sonitpur: ইন্দ্ৰধনুষ আঁচনিৰ বাবে বানত বুৰিছে শোণিতপুৰ