ETV Bharat / state

প্ৰেমিকেৰে মিলি স্বামীক হত্যা কৰিলে পত্নীয়ে - দেৰগাঁও

20 ছেপ্তেম্বৰৰ নিশা দেৰগাঁৱৰ উত্তম পাল নামৰ ব্যক্তি জনক তেওঁৰ পত্নী আৰু পত্নীক প্ৰেমিকে মিলি হত্যা কৰে ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে এই তথ্য ৷

স্বামীক হত্যা পত্নীৰ
স্বামীক হত্যা পত্নীৰ
author img

By

Published : Sep 28, 2020, 7:04 PM IST

গোলাঘাট, 28 ছেপ্তেম্বৰ: দেৰগাঁৱত প্ৰেমিক আৰু পত্নীয়ে মিলি হত্যা কৰিলে স্বামীক ৷ পৰকীয়া প্ৰেমৰ বাবেই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ ৷ দেৰগাঁৱৰ জৰাগুৰিত যোৱা 20 ছেপ্তেম্বৰৰ নিশা দেৰগাঁৱৰ উত্তম পাল নামৰ ব্যক্তি জনক পত্নী পম্পী পাল আৰু তেওঁৰ প্ৰেমিক ইন্দ্ৰজিৎ দাসে ডিঙি চেপি হত্যা কৰে ৷ দুয়োজনে হত্যাকাণ্ড সংঘটিত কৰি আত্মহত্যাৰ ৰূপ দিবৰ বাবে এটা পুখুৰীত পেলাই দিয়ে উত্তম পালৰ মৃতদেহ ৷

প্ৰেমিকেৰে মিলি স্বামীক হত্যা পত্নীৰ

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে পুখুৰীটোৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে উত্তম পালৰ মৃতদেহ ৷ স্থানীয় ৰাইজে সেই ঘটনা আত্মহত্যা নহয় বুলি সন্দেহ প্ৰকাশ কৰি আৰক্ষীক অৱগত কৰে ৷ দেৰগাঁও আৰক্ষীয়ে এসপ্তাহজোৰা অনুসন্ধানৰ অন্তত সোমবাৰে উত্তমৰ পত্নী পম্পী পাল আৰু তেওঁৰ প্ৰেমিক ইন্দ্ৰজিৎ দাসক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জেৰাত ইন্দ্ৰজিৎ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পৰা গৈছে যে, পম্পীৰ সৈতে থকা অবৈধ সম্পৰ্কৰ বাবেই স্বামী উত্তম পালক দুয়োৱে ডিঙি চেপি হত্যা কৰে ৷ আনহাতে পত্নী পম্পী পালে এই হত্যাকাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰিছে ৷

লগতে পঢ়ক: বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.