গোলাঘাট,14 ফেব্ৰুৱাৰীঃ শনিবাৰে গোলাঘাট জিলাৰ মেৰাপানীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ গোলাঘাটৰ মেৰাপানীত পত্নীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে স্বামীক । মেৰাপানীৰ নলনীপথাৰ নাহৰণি গাঁৱত সংঘটিত হৈছে এই হত্যাকাণ্ডটো । হত্যাকাৰী মহিলা গৰাকীৰ নাম হৈছে ৰূপা দাস । আনহাতে নিহত ব্যক্তিজন হৈছে প্ৰমোদ দাস । স্বামীক হত্যাৰ কৰিয়েই মেৰাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে হত্যাকাৰী ৰূপা দাসে ৷
দীৰ্ঘদিন ধৰি স্বামী প্ৰমোদ দাসে মদ্যপান কৰি পত্নী ৰূপা দাসক শাৰিৰীক, মানসিক নিৰ্যাতন চলাই আহিছিল । অৱশেষত উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে প্ৰমোদ দাসক মৰিয়াই হত্যা কৰে ৷ এই বুলি আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত হত্যাকাৰী মহিলাগৰাকীয়ে স্বীকাৰোক্তি প্ৰদান কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ দুই ‘গগৈ’ৰ বিৰুদ্ধে বিজেপিয়ে যুঁজত নমাব আন দুই ‘গগৈ’ক