গোলাঘাট, 17 জুনঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৯০ গৰাকীতকৈয়ো অধিক ছাত্ৰ-ছাত্ৰীক বুধবাৰে গোলাঘাটৰ কাকডোঙা ব্লক কংগ্ৰেছৰ উদ্যোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কাকডোঙাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰছ নেতা গৌৰৱ গগৈ ৷
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সাংসদ গৰাকীয়ে বৰ্তমানৰ চৰকাৰ খনক সমালোচনা কৰি,ছাত্র-ছাত্রী সকলক সাম্প্ৰতিক প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰাকৈ কতি ছাত্ৰ-ছাত্ৰী সকলক কম্পিউটাৰ প্ৰদান কৰিবলৈ দাবী জনায় ৷ অনুষ্ঠানটোত সাংসদ গৰাকীৰ লগতে উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰতি কছাৰী আৰু কংগ্ৰেছৰ কেইবাগৰাকীও দলীয় তথা সদস্য ৷
লগতে পঢ়কঃ লাদাখত শ্বহীদ হোৱা সেনালৈ শ্ৰদ্ধাঞ্জলি ৰাহুল গান্ধীৰ