গুৱাহাটী, 13 জানুৱাৰী : বুধবাৰে গোলাঘাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এন টি ই পি অসমৰ অধীনৰ জিলা যক্ষ্মা কোষ আৰু এন আৰ এলৰ মাজত যক্ষ্মা যত্ন আৰু প্ৰতিৰোধৰ বাবে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (Tuberculosis Care and Resistance Agreement in Golaghat) । অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয়, যক্ষ্মা কেৱল এটা চিকিৎসাজনিত ৰোগ নহয় । যক্ষ্মা এক সামাজিক সমস্যা । যিকোনো লোক যক্ষ্মা ৰোগত আক্ৰান্ত হ'ব পাৰে ।
যক্ষ্মা ৰোগত আটাইতকৈ দৰিদ্ৰতা আৰু পুষ্টিহীনতাৰ সৈতে যুঁজ দিয়া প্ৰান্তীয় লোকসকল বেছিকৈ ক্ষতিগ্ৰস্ত হয় । তেওঁ, এন আৰ এল আৰু এন টি ই পিৰ প্ৰচেষ্টাৰ শলাগ লয় । এই বুজাবুজি চুক্তিৰ জৰিয়তে ৰাজ্যিক যক্ষ্মা কোষ অসমে যক্ষ্মা সম্পৰ্কে উন্নত সজাগতাৰ বাবে সকলো লোকৰ ওচৰলৈ যোৱা আৰু ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে যক্ষ্মা ৰোগৰ লক্ষণ (Symptoms of Tuberculosis) থকা যিকোনো লোকক স্বাস্থ্য প্ৰণালীৰ সৈতে সংযুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ড৹ এন জে দাসে কয় যে, এই বুজাবুজি চুক্তিয়ে যক্ষ্মা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষভাবে সহায় কৰিব । অনুষ্ঠানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ড৹ এ চি মহন্তই কয় যে, যক্ষ্মা এশ শতাংশ প্ৰতিৰোধযোগ্য আৰু নিৰাময়যোগ্য ৰোগ ।
যক্ষ্মাৰ চিকিৎসাৰ বিষয়ে সজাগতা(Awareness on tuberculosis treatment)ৰ বাবে প্ৰচাৰ কৰিবলৈ তেওঁ সকলো পক্ষকে আহ্বান জনায় । বৈঠকত বক্তব্য ৰাখি গোলাঘাটৰ জিলা যক্ষ্মা বিষয়া ড৹ সুনীতা এক্কাই গোলাঘাট জিলাৰ যক্ষ্মা ৰোগ চিকিৎসাৰ কাৰ্যসূচীৰ মুখ্য দিশসমূহ উপস্থাপন কৰে । তেওঁ কয় যে, গোলাঘাট জিলাৰ উদ্যোগ আৰু চাহ বাগিচা অঞ্চলত যক্ষ্মা ৰোগৰ (Tuberculosis in tea gardens of Assam) বোজা অধিক ।
লগতে পঢ়ক : Assam Government cabinet meeting : এইবাৰৰ মনোমোহা হাফলঙত কেবিনেট বৈঠক