ETV Bharat / state

গোলাঘাটত ধন লুট: দৃশ্য বন্দী CCTV কেমেৰাত

গোলাঘাটত CCTVত বন্দী হ'ল ধন লোটৰ দৃশ্য ৷ দুৰ্বৃত্তক খেদি যাওঁতে ধনৰ গৰাকী আহত হোৱাৰ লগতে তিনি দুৰ্বৃত্তই এখন স্কুটিৰ তলা ভাঙি উলিয়াই নিয়ে দুই লাখ টকা ৷

author img

By

Published : Nov 20, 2019, 8:26 PM IST

গোলাঘাটত ধন লুটৰ দৃশ্য বন্দী কেমেৰাত

গোলাঘাট,20 নৱেম্বৰ : গোলাঘাটত শালমৰাত CCTV কেমেৰাত বন্দী হৈছে ধন লুট কৰাৰ ভয়াৱহ দৃশ্য ৷ পালচাৰ বাইকত অহা তিনি দুৰ্বৃত্তই এখন স্কুটীৰ তলা ভাঙি উলিয়াই নিয়ে দুই লাখ টকা। সেই সময়তে প্ৰাচুৰ্য গগৈ ফুকন নামৰ ধনৰ গৰাকীয়ে খেদি যোৱাত দুৰ্বৃত্তই ধনৰ টোপোলা নলাত পেলাই পলায়ন কৰে ৷ এই ঘটনাত দুৰ্বৃত্তক খেদি যাওঁতে পথৰ ওপৰত পৰি আহত হয় ধনৰ গৰাকীজন ৷ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTV কেমেৰাত বন্দী হয় এই সমগ্ৰ দৃশ্য ।

গোলাঘাটত ধন লুট

উল্লেখ্য যে,গোলাঘাট বাদুলিপাৰৰ ব্যৱসায়ী প্ৰাচুৰ্য গগৈ ফুকনে ভাৰতীয় ষ্টেট বেংক গোলাঘাট শাখাৰ পৰা উলিয়াই নিছিল দুই লাখ টকা। নগৰৰ পৰা কিছুদূৰ গৈ শালমৰাৰ এখন দোকানত বিশেষ কামত প্ৰৱেশ কৰোতেই সংঘটিত হয় এই ঘটনাটো । মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে গোলাঘাটত ।

আৰু পঢ়ক : মহাৰাষ্ট্ৰৰ অচলাৱস্থাৰ সময়তে প্ৰধানমন্ত্ৰীৰে মিলিত পাৱাৰ

Intro:Body:গোলাঘাটত ধন লুটৰ ভয়াবহ দৃশ্য বন্দী হল CCTV কেমেৰাত। পালচাৰ বাইকত অহা তিনি দুৰ্বৃত্তই এখন স্কুটিৰ তলা ভাঙি উলিয়াই নিছিল দুই লাখ টকা। ধনৰ গৰাকীয়ে খেদি যোৱাত ধনৰ টোপোলা নলাত পেলাই পলায়ন কৰাৰ দৃশ্য বন্দী হল CCTV ৰ কেমেৰাত। লগতে বন্দী হয় ধনৰ গৰাকী জনে দুৰ্বৃত্তক খেদি গৈ পথৰ ওপৰতে চুচৰি পৰি আহত হোৱাৰ দৃশ্য। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTV কেমেৰাত বন্দী হয় এই ভয়াবহ দৃশ্য। গোলাঘাটৰ শালমৰাত সংঘটিত হয় এই ভয়াবহ ঘটনাটো। উল্লেখ্য গোলাঘাট বাদুলিপাৰৰ ব্যৱসায়ী প্ৰাচুৰ্য গগৈ ফুকনে ভাৰতীয় ষ্টেট বেংক গোলাঘাট শাখাৰ পৰা উলিয়াই নিছিল দুই লাখ টকা। নগৰৰ পৰা কিছু দুৰ গৈ শালমৰাৰ এখন দোকানত বিশেষ কামত প্ৰৱেশ কৰোতেই সংঘটিত হয় এই ভয়াবহ ঘটনাটো। মঙ্গলবাৰে দুপৰীয়া সংঘটিত ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰে গোলাঘাটত।Conclusion:Byte 1: প্ৰাচুৰ্য গগৈ ফুকন।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.