গোলাঘাট,26 মে’ : মঙলবাৰে গোলাঘাট জিলাৰ খুমটাই সমষ্টিত উপস্থিত হৈ ক’ভিড চিকিৎসালয়ৰ বিভিন্ন দিশৰ বুজ লয় বিধায়ক মৃণাল শইকীয়াই ৷ নিজা সমষ্টি খুমটাইৰ আদৰ্শ চিকিৎসালয়ৰ ক’ভিড চেণ্টাৰত উপস্থিত হৈ চেণ্টাৰটোৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ পাচতে কেইবাটাও সমস্যা ব্যক্তিগতভাৱে নিৰ্মূল কৰাৰ সিদ্ধান্ত লয় বিধায়কগৰাকীয়ে ৷
চিকিৎসালয়খনত খালি হৈ থকা 8 টাকৈ অক্সিজেন চিলিণ্ডাৰত নিজেই পুনৰ অক্সিজেন ভৰোৱাৰ দায়িত্ব গ্ৰহণ কৰে বিধায়ক শইকীয়াই । ইয়াৰোপৰি তেওঁ চিকিৎসালয়খনে নতুনকৈ লাভ কৰা এম্বুলেঞ্চৰ ইন্ধনৰ অভাৱৰ সমস্যাও দূৰ কৰাৰো আশ্বাস দিয়ে ৷ ইয়াৰ পাচতে চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক মৃণাল শইকীয়াই ৷
লগতে পঢ়ক : নগাঁৱত অপৰাধ ৰোধৰ প্ৰতিশ্ৰুতি দিলে আনন্দ মিশ্ৰাই