ETV Bharat / state

সৰুপথাৰ সমষ্টিত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন

author img

By

Published : May 16, 2021, 10:38 AM IST

বিধায়ক হিচাপে নিৰ্বাচিত হৈ পোন প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত উপস্থিত হ'ল নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন ৷ সৰুপথাৰ সমষ্টিত উপস্থিত হৈয়ে বিধায়কগৰাকীয়ে ধনশিৰি মহকুমা প্ৰশাসন, গড়কাপ্তানি, গ্ৰামোন্নয়ণ আৰু স্বাস্থ্যবিভাগ তথা স্থানীয় সাংবাদিক সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷

newly elected MLA bishwajit Phukan is at sarupathar constituency
সৰুপথাৰ সমষ্টিত উপস্থিত হ'ল নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন

গোলাঘাট,16 মে': সৰুপথাৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ পোন প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত উপস্থিত হ'ল নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ ফুকন ৷ নিজ সমষ্টিত উপস্থিত হৈয়ে বিধায়কগৰাকীয়ে ধনশিৰি মহকুমা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাচতে গড়কাপ্তানি, গ্ৰামোন্নয়ণ আৰু স্বাস্থ্যবিভাগ তথা স্থানীয় সাংবাদিক সকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনা কৰে ৷ এই আলোচনাতে এসপ্তাহৰ ভিতৰত ধনশিৰি মহকুমাত দুখন অত্যাধুনিক এম্বুলেঞ্চ সেৱাৰ প্ৰৱৰ্তন কৰাৰ লগতে ক'ভিড ৰোগীৰ বাবে নিজাববীয়া কল চেন্টাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

জিলাখনত দিনক দিনে দ্ৰুত গতিত বৃদ্ধি পাই অহা ড্ৰাগছৰ ভয়াৱহতা সন্দৰ্ভত বিধায়ক গৰাকীয়ে প্ৰশাসনক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে আহ্বান জনোৱাৰ লগতে বৰপথাৰ আৰু সৰুপথাৰ সংযোগী মূল পথটো অতিশীঘ্ৰে বহলকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সমষ্টিটোৰ কোনো বিভাগতে যাতে দুৰ্নীতি কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰখাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.