গোলাঘাট, 27 আগষ্ট: মঙলবাৰে গোলাঘাটৰ শ্ৰীমন্ত নগৰত সংঘটিত হৈছিল এক ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডই সৰ্বহাৰা কৰিছিল কেইবাটাও পৰিয়ালক ৷ সম্প্ৰতি অগ্নিকাণ্ডৰ ফলত সৰ্বস্বান্ত হোৱা লোকসকলে আশ্ৰয় গ্ৰহণ কৰি আছে হৰ-গৌৰী বিবাহ ভৱনত ৷ অগ্নিকাণ্ডৰ ফলত পৰিয়াল কেইটাই নিজ ঘৰৰ পৰা কোনো বস্তুৱে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷ সৰ্বহাৰা হৈ পৰা পৰিয়ালৰ কাষত থিয় হৈছে বহু লোক ৷
বৃহস্পতিবাৰে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ নিৰ্দেশত সৰ্বস্বান্ত পৰিয়াল কেইটাক সকাহ প্ৰদান কৰিবলৈ, তেওঁলোকৰ কাষত উপস্থিত হয় কংগ্ৰেছ দলৰ কেইবাগৰাকীও যুৱ নেতা ৷ কংগ্ৰেছ দলৰ সদস্য সকলে প্ৰতিটো পৰিয়ালকে একোটা গেছৰ চিলিণ্ডাৰসহ চৌকা, কাপোৰ, চাউল আদি প্ৰদান কৰে ৷ প্ৰয়োজন সাপেক্ষে বিধায়িকা অজন্তা নেওগে পৰিয়াল কেইটাৰ দূৰ কৰিবলৈ অধিক সুবিধা প্ৰদান কৰিব বুলি কংগ্ৰেছৰ যুৱ নেতা তপন দত্ত আৰু হৰপ্ৰীত সিং কলশীয়ে আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক: বাঘজান কাণ্ডঃ সাহাৰ্য বিচাৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ৰাইজৰ