ETV Bharat / state

দেৰগাঁৱৰ নিৰুদ্দিষ্ট শিশু উত্তৰ প্ৰদেশত উদ্ধাৰ

author img

By

Published : Sep 4, 2021, 8:57 AM IST

Updated : Sep 4, 2021, 9:10 AM IST

দেৰগাঁৱৰ নিৰুদ্দিষ্ট শিশু উদ্ধাৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ৷ ৰবিদাসে ভুলবশতঃ ৰে’লত উঠি গুছি গৈছিল ঘৰৰ পৰা ।

Dergaon boy recovered from Uttar Pradesh
দেৰগাঁৱত নিৰুদিষ্ট শিশু উদ্ধাৰ উত্তৰ প্ৰদেশত

দেৰগাঁও, 4 ছেপ্তেম্বৰ : দেৰগাঁৱৰ মিছামৰা বাগানৰ পৰা সন্ধানহীন হোৱা এটা শিশুক অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেৰগাঁও আৰক্ষী ৷ প্ৰায় তিনিমাহৰ পূৰ্বে নিৰুদ্দেশ হৈছিল দেৰগাঁৱৰ মিছামৰা বাগানৰ কমলা প্ৰসাদ ৰবিদাস নামৰ শিশুটো ।

দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত কমলা প্ৰসাদ ৰবিদাসে ভুলবশতঃ ৰে’লত উঠি গুছি গৈছিল ঘৰৰ পৰা । ৰে’লেৰে গৈ শিশুটোৱে পাইছিলগৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদ ।

আপোন মানুহ বিচাৰি গাজিয়াবাদৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছিল কমলাই । অৱশেষত এটা স্বেচ্ছাসেৱী সংগঠনে কমলা প্ৰসাদক উদ্ধাৰ কৰি এখন শিশু আশ্ৰমক গতাই দিছিল ।

ইয়াৰ পিছতে গাজিয়াবাদ আৰক্ষীয়ে শিশুটোৰ পৰিচয় বিচাৰি যোগাযোগ কৰে অসম আৰক্ষীক । অশেষ প্ৰচেষ্টাৰ অন্তত দেৰগাঁও আৰক্ষীৰ এটা দলে গাজিয়াবাদৰ পৰা শিশুটোক উদ্ধাৰ কৰি ঘৰত চমজাই দিয়ে । তিনিমাহৰ অন্তত নিজ সন্তানক বিচাৰি পায় আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালটো ।

লগতে পঢ়ক : অসমত ভূমি ক্ৰয়ক লৈ শংকিত বহিৰাগত : প্ৰণিত হ’ব আইন

Last Updated : Sep 4, 2021, 9:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.