ETV Bharat / state

কাকডোঙা নদীত বিহ ঢালিলে দুষ্ট চক্ৰই - চোৰাং ব্যৱসায় দুষ্টচক্ৰ

বৰালি মাছ নিধনৰ লক্ষ্য ৷ দীৰ্ঘদিনীয়া চোৰাং ব্যৱসায় দুষ্টচক্ৰ ৷

miscreants pour poison into kakdonga river
author img

By

Published : Oct 20, 2019, 11:08 PM IST

গোলাঘাট,20 অক্টোবৰ: গোলাঘাট আৰু যোৰহাট জিলাৰ সীমাত অৱস্থিত কাকডোঙা নদীত বিহ দিয়াৰ অপচেষ্টা কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে ৷ শনিবাৰে নিশা স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে অভিযান চলোৱাত ছত্ৰভংগ দিলে এই দুষ্ট চক্ৰটোৱে ৷ উল্লেখ্য যে, নিশা গোপনে কীটনাশক দ্ৰব্য দি মাছ নিধন কৰি বজাৰত বিক্ৰী কৰি স্বাৰ্থ সিদ্ধি কৰি আহিছে এটা দুষ্ট চক্ৰই । শনিবাৰে নিশা গোপনে বিহ ঢালি মাছ নিধন কৰিবলৈ অহা দলটোৰ বিৰুদ্ধে অভিযান চলাই যদিও আগতীয়াকৈ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দলটো । পলায়ন কৰা দলটোৱে এৰি থৈ যায় দুখন মাছ ধৰা জাল, দুটা মবাইল হেণ্ডচেট, কীটনাশক দ্ৰব্য মিহলাবলৈ অনা সামগ্ৰী আদি । এই দুষ্ট চক্ৰটোয়ে নদীত বিহ ঢালি নৈখনৰ পানী বিষাক্ত কৰাৰ উপৰিও পৰিৱেশ বিনষ্ট কৰি আহিছে ।

ৰাইজ আৰু আৰক্ষীৰ অভিযানত ছত্ৰভংগ কাকডোঙাত বিহ দিয়া দুষ্ট চক্ৰৰ

বৰালী মাছৰ বাবেই কাকডোঙা নদীত বিহ ঢালি নৈখনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে এই দুষ্ট চক্ৰটোৱে । গোলাঘাট আৰু যোৰহাট প্ৰশাসনক এই ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অভিযোগ দি আহিছে ৰাইজে যদিও প্ৰশাসনে পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা নাই । শেহতীয়াকৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক বিষয়টো অৱগত কৰাত চোমনী আৰক্ষী চকী আৰু দেৰগাঁৱৰ আৰক্ষীৰ এটা দলক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । সেই অনুসৰি ৰাইজৰ সহযোগত আৰক্ষীয়ে কাকডোঙা নদীৰ ধৰলীমূখত অভিযান চলায় । এই অভিযানৰ সময়ত দুষ্ট চক্ৰটোৱে এৰি থৈ যোৱা মোবাইল ফোনৰ পৰা তেওঁলোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব পাৰিব বুলি আশা কৰা গৈছে । বৰালি মাছৰ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপিত হৈ থকাৰ সময়তে এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা লয়, সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷

লগতে পঢ়কঃ সোপাধৰাৰ সন্দেহত বদৰপুৰত সংঘটিত গণপ্ৰহাৰৰ ঘটনা

Intro:ঐতিহাসিক কাকডোঙা নদীৰ বৰালি মাছৰ কথাই সুকীয়া। উজনি অসমৰ লগতে সমগ্ৰ ৰাজ্যতে কাকডোঙা নদীৰ বৰালি মাছৰ এক সুকীয়া স্থান আছে। এই কাকডোঙা নদীৰ বৰালি মাছ কেইটাৰ প্ৰতিও এতিয়া একাংশৰ লুলোপ দৃষ্টি। গোলাঘাট আৰু যোৰহাট জিলাৰ সীমাত অৱস্থিত ঐতিহাসিক কাকডোঙা নদীৰ এই বৰালি মাছ কেইটা বিহ দি নিধন কৰিব বিচাৰিছে একাংশ দুস্কৃতিকাৰীয়ে। এই দুস্কৃতিকাৰী সকলৰ বিৰুদ্ধে ওলাই আহিল গাঁৱৰ ৰাইজ। ৰাইজৰ সহযোগত আৰক্ষীয়ে নিশা অভিযান চলালে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে। ৰাইজ আৰু আৰক্ষী ওলাই অহাত নিশা আন্ধাৰৰ সুযোগ লৈ পলায়ন দুষ্ট চক্ৰটো। অৱশ্যে আৰক্ষীয়ে জব্দ কৰিছে দুখন জাল দুটা মোবাইল হেণ্ডচেট আৰু বিহ ঢালিবলৈ অনা সামগ্ৰী।Body:কাকডোঙাৰ বিখ্যাত বৰালি মাছক কেন্দ্ৰ কৰিয়েই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই তেওঁৰ বিহু গীতত গাইছে "কাকডোঙাৰ বৰালী আহে নো দাড়ি দাঙি, ৰূপালী কাণ্ডুলীকে দেখি" এই ঐতিহাসিক কাকডোঙা নদীৰ বৰালী মাছ সংৰক্ষণৰ বাবে বিভিন্ন সময়ত দল সংগঠন সমূহে জিলা প্ৰশাসনক দাবী জনাই আহিছে। কাকডোঙা নদীৰ বৰালি মাছ কেইটাৰ প্ৰতি এতিয়া শেনচকু পৰিছে একাংশ দুস্কৃতিকাৰীৰ। নিশা গোপনে কীটনাশক দ্ৰব্য দি মাছ নিধন কৰি বজাৰত বিক্ৰী কৰি স্বাৰ্থ সিদ্ধি কৰি আহিছে এটা দুষ্ট চক্ৰই। এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল স্থানীয় ৰাইজ। খবৰ দিলে গোলাঘাটৰ আৰক্ষী বিভাগকো। নিশা গোপনে বিহ ঢালি মাছ নিধন কৰিবলৈ অহা দলটোৰ বিৰুদ্ধে অভিযান চলাই যদিও আগতীয়াকৈ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দলটো। পলায়ন কৰা দলটোৱে এৰি থৈ যায় দুখন মাছ ধৰা জাল দুটা মবাইল হেণ্ডচেট ,কীট নাশক দ্ৰব্য মিহলাবলৈ অনা সামগ্ৰী। যোৰহাট জিলাক বিভক্ত কৰা কাকডোঙা নদীত বছৰত তিনি চাৰিবাৰকৈ বিহ দি মাছ নিধন কৰি একাংশই বজাৰত বিক্ৰী স্বাৰ্থ সিদ্ধি কৰি আহিছে বুলি ৰাইজৰ অভিযোগ। এই দুষ্ট চক্ৰটোয়ে নদীত বিহ ঢালি নৈখনৰ পানী বিষাক্ত কৰাৰ উপৰিও পৰিৱেশ বিনষ্ট কৰি আহিছে। বৰালী মাছৰ বাবেই কাকডোঙা নদীত বিহ ঢালি নৈখনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে এই দুষ্ট চক্ৰটোৱে। গোলাঘাট আৰু যোৰহাট প্ৰশাসনক এই ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা অভিযোগ দি আহিছে ৰাইজে। কিন্তু প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ । শেহতীয়াকৈ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙক বিষয়টো অৱগত কৰাত চোমনী আৰক্ষী চকী আৰু দেৰগাঁৱৰ আৰক্ষীৰ এটা দলক অভিযান চলাবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি ৰাইজৰ সহযোগত আৰক্ষীয়ে কাকডোঙা নদীৰ ধৰলীমূখত অভিযান চলায়। এই অভিযানৰ সময়ত দুষ্ট চক্ৰটোৱে এৰি থৈ যোৱা মোবাইল ফোনৰ পৰা তেওঁলোকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব পাৰিব গোলাঘাট আৰক্ষীয়ে। কিন্তু ৰাইজৰ এই দাবীক আৰক্ষীয়ে কেনেদৰে গুৰুত্ব প্ৰদান কৰে সেয়াহে হব লক্ষ্যণীয়।Conclusion:Byte_1_স্থানীয় ব্যক্তি
Byte-2-অভিযান কাৰী আৰক্ষী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.