ETV Bharat / state

Minor Rape: কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে 50 ৰ উৰ্ধ্বৰ ব্যক্তিয়ে

গোলাঘাট জিলাৰ দেৰগাঁৱত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এগৰাকী 13 বছৰীয়া কিশোৰীক এগৰাকী 50 উৰ্ধ্বৰ ব্যক্তিয়ে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক কৰি অন্তঃসত্বা কৰে ৷

Minor raped and impregnated at Dergaon
কণমানিক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে 50 ৰ উৰ্ধ্বৰ ব্যক্তিয়ে
author img

By

Published : Jul 15, 2023, 5:21 PM IST

কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে 50 ৰ উৰ্ধ্বৰ ব্যক্তিয়ে

যোৰহাট, 15 জুলাই : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ ৷ প্ৰতিদিনেই ইটোৰ পিচত নাৰীজনিত অপৰাধৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ পিচতেই এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত জঘন্য ঘটনা সংঘটিত হৈছে ৷ এগৰাকী 13 বছৰীয়া কিশোৰীক এগৰাকী 50 উৰ্ধ্বৰ ব্যক্তিয়ে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক কৰি অন্তঃসত্বা কৰে ৷ এই কথা পোহৰলৈ অহাৰ পিচতে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি কণমানিগৰাকীয়ে নিজ ভাতৃ আৰু আইতাকৰ সৈতে অঞ্চলটোৰ মন্দিৰ এটাৰ সমীপতে ভাড়াঘৰত বাস কৰিছিল ৷ ঘাটমাউৰা কিশোৰীগৰাকীয়ে আইতাকৰ লগতে প্ৰতিদিনে মন্দিৰৰ বাবে ফুল বুটলাৰ লগতে চাফ চিকুণ কৰি পূজা-পাতল কৰিছিল ৷ তেওঁলোক ভাড়া থকা একেটা চৌহদতে পৰেশ গোঁসাই বুলি 50 ৰ উৰ্ধ্বৰ বিবাহিত লোকজনেও বাস কৰিছিল ৷ পৰেশৰ পৰিয়াল কলকাতাত বাস কৰে ৷ এখন সোণৰ আ-অলংকাৰৰ দোকান আছে পৰেশৰ ৷

পূৰ্বতে প্ৰায়েই পৰেশে কিশোৰীগৰাকীক মন্দিৰৰ পৰা মাতি লৈ গৈছিল ৷ যদিও এই কথাক কোনো লোকে অন্যধৰণে লোৱা নাছিল ৷ আজিৰ পৰা প্ৰায় 7 মাহৰ পূৰ্বে কিশোৰীৰ পৰিয়ালটোৱে সেই ঠাইৰ পৰা ভাড়াঘৰ সলনি কৰি অন্য এটা ঠাইলৈ গুচি আহে ৷ কিন্তু শেহতীয়াকৈ কিশোৰীগৰাকীৰ শৰীৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখি এই কথা লক্ষ্য কৰে স্থানীয় লোকে ৷ স্থানীয় লোকে কিশোৰীগৰাকীক সোধে যদিও তেওঁ একো হোৱা নাই বুলি কৈছিল ৷

এই কথা গম পাই কণমানিগৰাকীৰ ভাতৃয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাওতে কণমানিগৰাকী 6 মাহৰ অন্তঃসত্বা বুলি পোহৰলৈ আহে ৷ ইয়াৰ পিচতে ঘৰৰ পৰিয়ালক পৰেশে তেওঁৰ লগত বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক কৰি এই অৱস্থা কৰা বুলি কণমানিগৰাকীয়ে জানিবলৈ দিয়ে ৷ এই কথা পোহৰলৈ অহাৰ লগে লগে শুকুৰবাৰে নিশা ভাগত স্থানীয় লোকৰ তৎপৰতাত পৰেশ গোঁসাইক দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৷

এই জঘন্য ঘটনাৰ পিচতে স্থানীয় ৰাইজ আৰু পৰিয়ালে এতিয়া কণমানিগৰাকীৰ বাবে ন্যায় বিচাৰিছে ৷ এগৰাকী কণমানি কিশোৰীক মাতৃত্বৰ বোজা গ্ৰহণ কৰাৰ সময় নৌহঁওতেই মাতৃত্ব বোজা ঠেলি দিয়া লম্পটটোক কঠোৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে অঞ্চলবাসী ৰাইজে ৷ আনহাতে অভিযুক্তৰ বিৰুদ্ধে PSCO আইন অধীনত দেৰগাঁও সদৰ থানাত গোচৰ ৰজু হোৱা বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে ৷

লগতে পঢ়ক: Dalit girl gang raped in Rajasthan Karauli : ধৰ্ষণ কৰি মুখত এচিড ঢালিলে দুষ্কৃতিকাৰীয়ে; ভুক্তভোগী পৰিয়ালৰ সৈতে ধৰ্ণাত বহিল সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.