ETV Bharat / state

ক্ৰমাৎ সুস্থিৰ হৈছে গোলাঘাটৰ ক'ভিড পৰিস্থিতি - minister chandramohan patwari meeting

অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শনিবাৰে গোলাঘাট জিলা প্ৰশাসনৰ সৈতে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয় ৷ উক্ত বৈঠকত গোলাঘাট জিলাৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷

minister chandramohan patwari meeting with golaghat district administration
সাধাৰণ অৱস্থালৈ আহিছে গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি
author img

By

Published : Jul 24, 2021, 10:49 PM IST

গোলাঘাট, 24 জুলাই : গোলাঘাটত শনিবাৰে উপস্থিত হয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ উপস্থিত হোৱাৰ পাচতে গোলাঘাট জিলা প্ৰশাসনৰ সৈতে ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত এক বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী ৷ উক্ত বৈঠকত গোলাঘাট জিলাৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷

সাধাৰণ অৱস্থালৈ আহিছে গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতি

উক্ত বৈঠকৰ পাচত গোলাঘাট জিলাৰ ক'ভিডৰ বৰ্তমানৰ স্থিতিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "গোলাঘাট জিলাত বৰ্তমান ক'ভিডৰ পৰিস্থিতি ক্ৰমাৎ সাধাৰণ অৱস্থালৈ আহিছে ৷ পূৰ্বৰ তুলনাত জিলাখনত ক'ভিডৰ আক্ৰান্ত হাৰ হ্ৰাস পাইছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

উল্লেখ্য যে, উক্ত বৈঠকত উপস্থিত খাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে জিলা উপায়ুক্ত আৰু প্ৰশাসনীয় বিষয়াসকল ৷ বৰ্তমান গোলাঘাট জিলাত ১১১৪ গৰাকী ক'ভিড ৰোগী আছে আৰু সেইসকলৰ অধিকাংশই হোম আইচ'লেশ্যনত আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ক'ভিড আক্ৰান্ততকৈ জিলাখনত ক'ভিডত আৰোগ্য লাভ কৰা হাৰ অধিক বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত ক'ভিডত আৰোগ্য লাভ কৰা ক'ভিড ৰোগীৰ হাৰ ৯৫% বুলি মন্তব্য কৰে ৷

ইয়াৰ সমান্তৰালভাৱে ক'ভিড ভেকচিন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে, জিলাখনত প্ৰথম আৰু দ্বিতীয় মিলাই ৩,৭৬,৩৪৯ পালি ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ জিলাখনত যাতে সম্পূৰ্ণকৈ ভেকচিন প্ৰদান কৰিব পৰা যায় তাৰ বাবে প্ৰশাসনীয় ব্যৱস্থাৰ লগত ৰাইজৰো সহযোগিতা বিচাৰে মন্ত্ৰী গৰাকীয়ে ৷ জিলাখনৰ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বাবে জিলা প্ৰশাসন আৰু সাংবাদিককো প্ৰসংসা কৰে মন্ত্ৰীগৰাকীয়ে ।

তদুপৰি মন্ত্ৰীগৰাকীয়ে জিলাখনত সম্পূৰ্ণ কন্টেইমেন্ট জ'ন প্ৰত্যাহাৰ আৰু কাৰ্ফিউ শিথিল কৰা সন্দৰ্ভত অতি সোনকালে চৰকাৰে সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে ৷ ক'ভিডৰ উপৰিও গোলাঘাট জিলাত চৰকাৰে গ্ৰহণ কৰা জলজীৱন আঁচনিৰ ৰূপায়নৰ কাম ক্ষীপ্ৰ গতিত আগবঢ়োৱা হৈছে বুলি অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: উপ-নিৰ্বাচনৰ মন্ত্ৰণা লৈ বিজেপিয়ে গঠন কৰিলে বিশেষ সমিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.