ETV Bharat / state

Golaghat agri scam update: দুৰ্নীতিত পোত যোৱা গোলাঘাটৰ কৃষি বিভাগত ব্যাপক ৰদ-বদল

author img

By

Published : Jan 18, 2023, 8:32 PM IST

গোলাঘাটৰ কৃষি বিভাগত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰী আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিচতেই তাৎক্ষণিকভাৱে আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া ৷ সেই তদন্ত প্ৰক্ৰিয়াৰ পিচতেই গোলাঘাটৰ কৃষি বিভাগত কৰা হৈছে ব্যাপক ৰদ-বদল ৷ মুঠ 22 গৰাকী বিষয়া কৰ্মচাৰীক ৰদ-বদল কৃষি বিভাগৰ ৷

Golaghat agri scam update
দুৰ্নীতিত পুত যোৱা গোলাঘাটৰ কৃষি বিভাগত ব্যাপক ৰদ-বদল

গুৱাহাটী, 18 জানুৱাৰী: মূৰৰ পৰা গেলিছে গোলাঘাটৰ কৃষি বিভাগ ৷ শেহতীয়াকৈ গোলাঘাটৰ কৃষি বিভাগত ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিচতেই আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া(Golaghat agri scam) ৷ অৱশেষত দিছপুৰৰ নিৰ্দেশত গোলাঘাটৰ কৃষি বিভাগত হ’ল ব্যাপক ৰদ-বদল(Massive reshuffle in Golaghat Agri department) ৷ তদন্ত প্ৰক্ৰিয়াৰ পিচতেই তাৎক্ষণিকভাৱে ৰদ-বদল কৰা হৈছে 22 কৃষি বিভাগৰ কাৰ্যালয়ৰ 22 গৰাকী বিষয়া-কৰ্মচাৰীক ৷

উল্লেখ্য যে, গোলাঘাটৰ কৃষি-বিভাগত দীৰ্ঘদিন ধৰি সংঘটিত হৈ থকা দুৰ্নীতি আৰু অনিময়ৰ তথ্য পোহৰলৈ আনিছিল খোদ শাসকীয় বিধায়ক মৃণাল শইকীয়াই ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পোহৰলৈ অহা এই কেলেংকাৰীৰ তথ্য আৰু অভিযোগ পিচতেই এজনীয়া তদন্ত কমিটিৰ জড়িয়তে আৰম্ভ হৈছিল সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া(Golaghat agri scam investigation) ৷

স্মৰ্তব্য যে, পোন প্ৰথমে গোলাঘাট কৃষি বিভাগক সংঘটিত হোৱা কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিনোদ গগৈ নামৰ এগৰাকী কৃষকে ৷ অভিযোগ উত্থাপন হৈছিল যে, সাধাৰণ কৃষকে এটা চহীৰ বাবে তাঁতবাতি কৰিব লাগে কৃষি বিষয়াৰ কাৰ্যালয়লৈ । 500 টকা নিদিলে বি এল ডব্লিউৱে কৃষকৰ কাম নকৰে । গুদামত দ'মে দ'মে বীজ পৰি থকাৰ পাছতো নানা অজুহাতত কৃষকক বীজ প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছিল ।

বিনোদ গগৈ নামৰ কৃষকগৰাকীৰ অভিযোগৰ ভিত্তিতেই গোলাঘাট জিলা কৃষি বিষয়াক জবাবদিহি কৰিছিল বিধায়ক মৃণাল শইকীয়াই(MLA Mrinal Saikia) । তাৰ পিচতেই আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া । তদন্তকাৰী দলে অভিযোগকাৰী কৃষক আৰু বিধায়ক মৃণাল শ‌‌ইকীয়াকো সোধ-পোচ কৰিছিল । উল্লেখ যে, তদন্তকাৰী দলে তদন্তৰ সময়ত গোলাঘাটৰ শেনচোৱা চক্ৰৰ বিতৰ্কিত কৃষি সম্প্ৰসাৰণ সহায়ক হৰেন শ‌‌ইকীয়াৰ বিৰুদ্ধে বহু তথ্য লাভ কৰিছিল । আনহাতে তদন্তকাৰী দলটোৱে গোলাঘাট কৃষি বিভাগৰ কাৰ্যালয়ৰ শীৰ্ষত পৰ্যায়ৰ বিষয়াসকলৰ বিৰুদ্ধেও তদন্ত কৰিছিল ।

তদন্তৰ আওতালৈ আহিছিল ক্ৰমে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, ৰঞ্জন বৰুৱা, উদ্যানশস্য বিভাগৰ ন'ডেল অফিচাৰ মৃদুল শৰ্মাকে ধৰি বহুকেইজন বিষয়া । উত্থাপিত দুৰ্নীতি-অনিয়মৰ অভিযোগ সন্দৰ্ভত হোৱা তদন্তৰ অংশ স্বৰূপে ত‍াৎক্ষণিক ভাৱে গোলাঘাট জিলা কৃষি বিভাগত ব্যাপক ৰদ-বদল কৰা হৈছে ।

কৃষি পৰিদৰ্শক আৰু কৃষি সম্প্ৰসাৰণ সহায়ককে ধৰি 22 গৰাকী বিষয়া-কৰ্মচাৰীৰ ৰদ-বদল কৰা হৈছে । পদবীৰ সালসলনি কৰাৰ লগতে অন্য জিলালৈয়ো বিষয়া-কৰ্মচাৰীক বদলি কৰা হৈছে । আগন্তুক সময়ত তদন্ত প্ৰক্ৰিয়াৰ যোগেদি দুৰ্নীতি-অনিয়মৰ আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: AKRSU Press Conference: শান্তি আলোচনাৰ নামত কোচ ৰাজবংশীক পুনৰ প্ৰতাৰণা নকৰিব: আক্ৰাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.