গোলাঘাট, ২০ মে': বিশ্বত আতংকময় কৰি তোলা কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ যুজখনত স্বাস্থ্য কৰ্মীৰ লগতে সাংবাদিক আৰক্ষীয়ে অহৰহে কাম কৰি আছে । এনে সময়ছোৱাত একাংশ সচেতন ব্যক্তিয়ে এই যোদ্ধা সকলক কিছু সকাহ আৰু উৎসাহিত কৰাৰ প্ৰয়াস কৰি আহিছে ।

যাৰ পৰিপ্ৰেক্ষিততে বুধবাৰে গোলাঘাটৰ বন্ধন বেংকে ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে গোলাঘাটত । বন্ধন বেংকৰ কৰ্মচাৰী সকলে গোলাঘাটৰ সাংবাদিক আৰু আৰক্ষীক ছেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰি উৎসাহিত কৰে । গোলাঘাট সাংবাদিক সংস্থাৰ কাৰ্যালয়ত প্ৰতিজন সাংবাদিকক মাস্ক আৰু একোটাকৈ ছেনিটাইজাৰ বিতৰণ কৰে বন্ধন বেংকে ।