গোলাঘাট, 13 মে’ : গোলাঘাটত খাদ্যৰ বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে কেইবাজনো লোক ৷ গোলাঘাটৰ বেঙেনাখোৱাত পূজাৰ প্ৰসাদত খোৱাৰ ফলতেই অসুস্থ হৈ পৰাৰ সন্দেহ ৰোগী তথা চিকিৎসকৰ (Food poisoning in Golaghat) ৷ খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা লোকৰ সংখ্যা 14 জন ৷ ইয়াৰ ভিতৰত আছে 5 টা শিশু ৷
বৰ্তমান 12 জন ৰোগী গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে । চিকিৎসালয় অধীক্ষকে উল্লেখ কৰা মতে, চিকিৎসাধীনসকলো ৰোগী পূৰ্বৰ তুলনাত বৰ্তমান যথেষ্ট সুস্থ । উল্লেখ্য যে, গোলাঘাট নগৰৰ 6 নং ৱাৰ্ডৰ বেঙেনাখোৱা যজ্ঞেশ্বৰ দত্তৰ ঘৰত আয়োজন কৰা পূজাৰ প্ৰসাদ সেৱন কৰি অসুস্থ হৈ পৰিছে এইসকল লোক ।
লগতে পঢ়ক : শোণিতপুৰত বিয়াৰ ভোজ খাই চিকিৎসাধীন 350 গৰাকী