গোলাঘাট, 22 মে’: ভোট গণনালৈ মাজত মাথো কেইটামান মূহুৰ্ত বাকী । গণনাৰ প্ৰাকক্ষণত কলায়াবৰৰ অগপ -বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ আশা-বৃহস্পতিবাবে হ'বলগীয়া ভোট গণনাত ইতিবাচক ফলাফল লাভ কৰিব । ৰাইজৰ ৰায়ক তেওঁ সন্মান জনাব বুলিও কয় ।প্ৰাক্ নিৰ্বাচনী সমীক্ষা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় প্ৰাক্ নিৰ্বাচনী ফলাফলত যি দেখুওৱা হৈছে তাতকৈ অধিক আসন লাভ কৰি, নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব । অসমত মিত্ৰজোঁটে মুঠ ১১ খন আসন লাভ কৰিব বুলি দাবী কৰে মণি মাধৱ মহন্তই ।
ইফালে মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই কয় যে কেইখন আসনত জিকিব সেয়া স্পষ্টকৈ ক'ব নোৱাৰি । কিন্তু প্ৰতিটো সমষ্টিত কঠিন যুঁজ হৈছে বুলি মন্তব্য আগবঢ়ায় ।