ETV Bharat / state

কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল

কোৱাৰেন্টাইনৰ নীতি-নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল বিশ্বজিৎ হাজৰিকা ৷ কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি কাৰ্যালয়ত উপস্থিত আছিল তেওঁ ৷

কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল
লাট মণ্ডল বিশ্বজিৎ হাজৰিকাক নিলম্বন
author img

By

Published : Jul 21, 2020, 2:19 PM IST

গোলাঘাট, 21 জুলাই : কোৱাৰেন্টাইনৰ নীতি-নিৰ্দেশনা অৱমাননা কৰা বাবে গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডলক নিলম্বিত কৰা হৈছে । নীতি-নিৰ্দেশনা অৱমাননা কৰি কাৰ্যালয়ত উপস্থিত থকাৰ বাবেই নিলম্বিত কৰা হয় লাট মণ্ডল বিশ্বজিৎ হাজৰিকাক । উল্লেখ্য যে, লাট মণ্ডলগৰাকীৰ ককায়েক বহিঃৰাজ্যত সামৰিক বাহিনীত কৰ্মৰত আছিল । কিছুদিন পূৰ্বে নিজা ঘৰলৈ ঘূৰি আহি স্বাৱ পৰীক্ষা কৰিছিল ককায়েকগৰাকীয়ে । ককায়েকৰ লগত একেটা ঘৰতে থকা বাবে লাট মণ্ডল গৰাকীকো কোৱাৰেন্টাইনত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল ।

কোৱাৰেন্টাইনৰ নিৰ্দেশনা অৱমাননা কৰি নিলম্বিত লাট মণ্ডল

কিন্তু, চৰকাৰী নিৰ্দেশাৱলী অনুসৰণ নকৰি কাৰ্যালয়ত উপস্থিত আছিল বিশ্বজিৎ হাজৰিকা । এনে সময়তে বিশ্বজিৎ হাজৰিকাৰ ককায়েকৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পাচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত । দায়িত্বৰ হেমাহীৰ বাবেই নিলম্বন কৰা হৈছে লাট মণ্ডলগৰাকীক । বৰ্তমান খুমটাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমূহ কাম বন্ধ কৰি ৰখা হৈছে ।

আনহাতে, এই ঘটনাৰ পাচতে স্বাস্থ্য বিভাগে সকলো কৰ্মচাৰীৰ ৰেপিড টেষ্ট কৰিব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, উক্ত কাৰ্যালয়ৰ কৰ্মচাৰী আৰু লাট মণ্ডল বিশ্বজিৎ হাজৰিকাই বানপানী অঞ্চলত সাহাৰ্য বিতৰণ কৰি আছিল । সেয়েহে হাজৰিকাৰ পৰা বিভিন্ন বানাক্ৰান্ত লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

লগতে পঢ়ক : হাৰিয়ানাৰ নুহ জিলা : মোবাইল ইন্টাৰনেট অবিহনে স্থবিৰ হৈছে অনলাইন শিক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.