সৰুপথাৰ , 25 মে': গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত যোৱা 4 মে' তাৰিখৰ পৰা সীমান্ত হাজৰিকা নামৰ এজন যুৱক নিৰুদ্দেশ হৈ আছে ৷ যুৱকজন সন্ধানহীন হোৱা তিনিটা সপ্তাহ উকলি যোৱাৰ পিচতো আজি পৰ্যন্ত কোনো সন্ধান ওলোৱা নাই সীমান্তৰ ৷
জানিব পৰা মতে দিন হাজিৰা কৰা সীমান্ত হাজৰিকা 4 মে' তাৰিখে পুৱা নিজৰ কৰ্মৰ বাবে চাংখাতীলৈ গৈছিল ৷ আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে সীমান্ত ৷ সীমান্তৰ পত্নীৰ সন্দেহ অনুসৰি কোনো দুষ্ট চক্ৰই তেওঁৰ স্বামীক আৱদ্ধ কৰি কোনো কামত নিয়োজিত কৰি ৰাখিছে ৷ ইপিনে তেওঁ বৰপথাৰ আৰক্ষীক এই বিষয়ে লিখিত ভাৱে অৱগত কৰাৰ পিচতো আজি পৰ্যন্ত আৰক্ষীয়ে সীমান্তৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই ৷ সেয়ে নিৰুদ্দিষ্ট যুৱক জনৰ পত্নীয়ে অতি সোনকালে তেওঁৰ স্বামীৰ সন্ধান উলিয়াই দিবৰ বাবে কাতৰ অনুৰোধ জনায় ৷ আনহাতে আৰক্ষীয়ে জনোৱা অনুসৰি সীমান্ত হাজৰিকাৰ সন্ধান উলিয়াবৰ বাবে আৰক্ষী ফালৰ পৰা যথেষ্ট চেষ্টা কৰা হৈছে আৰু সকলো থানালৈ এই সন্দৰ্ভত বাৰ্তা পঠিওৱা হৈছে ৷