ETV Bharat / state

হাতী-মানুহৰ সংঘাত: গোলাঘাটত নিহত মাতৃ-পুত্ৰ - বনৰীয়া হাতীৰ উপদ্ৰৱ

গোলাঘাট জিলাৰ বগীধলা চাহ বাগিচাৰ ১৪ নং লাইনত দেওবাৰে নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ । হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কিশোৰক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ৷

man-elephant-conflict-two-death-at-golaghat
হাতী-মানুহৰ সংঘাত : গোলাঘাটত নিহত মাতৃ-পুত্ৰ
author img

By

Published : Jun 14, 2021, 11:01 AM IST

গোলাঘাট, 14 জুন : গোলাঘাট জিলাৰ মৰঙি মৌজাৰ বগীধলা চাহ বাগিচাত দেওবাৰে নিশা হাতীৰ গচকত এগৰাকী মহিলা থিতাতে নিহত হয় । নিহত মহিলাগৰাকী ৰীতা তাঁতী বুলি জানিব পৰা হৈছে ৷ আনহাতে হাতীৰ আক্ৰমণত মহিলাগৰাকীৰ ৮ বছৰীয়া সন্তান ৰূপম তাঁতী গুৰুতৰভাৱে আহত হয় । উল্লেখ্য যে, গোলাঘাট জিলাৰ মৰঙি মৌজাত দিনক-দিনে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ । দৈনিক হাতীৰ আক্ৰমণত ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হৈছে স্থানীয় লোকে ।

দেওবাৰে ওৰে নিশা বনৰীয়া হাতীৰ জাকে বগীধলা চাহ বাগিচাৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি তাণ্ডৱ চলাই তিনিটাকৈ বাসগৃহ লণ্ড-ভণ্ড কৰে ৷ হাতীৰ জাকটোৱে সন্তানৰ সৈতে নিদ্ৰাৰত অৱস্থাত থকা ৰীতা তাঁতী নামৰ মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷ হাতীৰ আক্ৰমণৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয় । আনহাতে মহিলাগৰাকীৰ লগত শুই থকা ৮ বছৰীয়া সন্তান ৰূপম তাঁতী এই ঘটনাত গুৰুতৰভাৱে আহত হয় ।

বুকু আৰু হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰূপমক অচেতন অৱস্থাত ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে । বকিয়াল খণ্ড বন বিভাগ আৰু নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে বন বিভাগক ক্ষুব্ধ শ্ৰমিকে উভতি ধৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বন বিভাগৰ লোকসকলে উপায়ন্তৰ হৈ সেই স্থানৰ পৰা পলায়ন কৰে ।

আনহাতে, আৰক্ষীয়ে মৃত মহিলাগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । ইয়াৰ পিছতে বগীধলাৰ শ্ৰমিক ৰাইজে পোৰাবঙলাৰ বকিয়াল বন কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে । বৰ্তমানেও নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই উক্ত অঞ্চলৰ পৰিস্থিতি ।

লগতে পঢ়ক : SSRক স্মৰণ: মৃত্যু বাৰ্ষিকীত ব্যতিক্ৰমী ছবিৰে শ্ৰদ্ধাঞ্জলি চিৰাঙৰ যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.