ETV Bharat / state

অলিম্পিকত ব্ৰঞ্জ লাভ : নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা - ব্ৰঞ্জৰ পদ

পৰাজয় নহয় অসমৰ বাবে অলিম্পিকত নতুন ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে । বুধবাৰে লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভেৰে ভাৰতৰ পদক তালিকাত আৰু এটি পদকৰ সংখ্যা বৃদ্ধি হ’ল । লাভলীনাৰ সফলতাত অসমবাসী এতিয়া গৌৰাৱান্বিত। কিয়নো অসমৰ ইতিহাসত অলিম্পিকলৈ গৈয়ে পদক আনিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে সোণালী আখৰেৰে খোদিত হৈ ৰ'ব লাভলীনা বৰগোহাইৰ নাম ।

lovlina-win-bronze-madel-etv-bharat-assam
বঞ্জত থমকি ৰ'ল লাভলীনা; নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা
author img

By

Published : Aug 4, 2021, 7:39 PM IST

সৰুপথাৰ, 4 আগষ্ট : পৰাজয় নহয়, অসমৰ বাবে অলিম্পিকত নতুন সূচনা ৰচিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে । অসমৰ পৰা প্ৰথমবাৰৰ বাবে বিশ্ব ক্ৰীড়াৰ মহাৰণ অলিম্পিকলৈ গৈ মাত্ৰ 23 বছৰ বয়সতেই আঁজুৰি আনিলে ব্ৰঞ্জৰ পদক । লাভলীনাৰ সফলতাত সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসীও উৎফুল্লিত হৈ পৰিছে ।

বুধবাৰে পুৱা অনুষ্ঠিত টকিঅ' অলিম্পিকৰ বক্সিং খেলখনত তুৰ্কী খেলুৱৈ বুচেনাজ চুৰমেনলীৰ হাতত 5-0 ত পৰাজয় স্বীকাৰ কৰিব লগা হ'ল যদিও ভাৰতলৈ ব্ৰঞ্জৰ পদক আনি লাভলীনাই নতুন ইতিহাসৰ ৰচনা কৰিলে । পুৱাৰে পৰা গৃহভূমি বৰপথাৰত এক উৎসৱ মুখৰ পৰিৱেশত শ শ অনুৰাগীয়ে লাভলীনাৰ খেল চাবলৈ অপেক্ষাৰে ৰৈ আছিল ।

ঢোল-তাল বজাই, বিহু নাচি লাভলীনাৰ সফল কামনা কৰা পৰিলক্ষিত হৈছিল । বুধবাৰে লাভলীনাৰ ব্ৰঞ্জৰ পদক লাভেৰে ভাৰতৰ পদক তালিকাত আৰু এটি পদকৰ সংখ্যা বৃদ্ধি হ’ল । লাভলীনাৰ সফলতাত অসমবাসী এতিয়া গৌৰাৱান্বিত । কিয়নো অসমৰ ইতিহাসত অলিম্পিকলৈ গৈয়ে পদক আনিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা বক্সাৰ হিচাপে সোণালী আখৰেৰে খোদিত হৈ ৰ'ব লাভলীনা বৰগোঁহাইৰ নাম ।

নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা

লগতে পৰৱৰ্তী অলিম্পিকত যাতে সোণৰ পদক আনিবলৈ সক্ষম হয় তাৰো আশা কৰিছে ভাৰতবাসীয়ে । গাঁৱৰ বোকা-পানী গচকি কোনো ধৰণৰ ক্ৰীড়াৰ আন্তগাঁথনি নথকা এডোখৰ ঠাইৰ পৰা বিশ্ব অলিম্পিকত ব্ৰঞ্জৰ পদক লাভে বুজাই দিলে মূলাগাভৰু-কনকলতা দেশৰ নাৰীৰ শক্তি কিমান ৷

বুছেনাজ চুৰমেনেলীয়ে 5-0ৰ ব্যৱধানত পৰাস্ত কৰিলে লাভলীনাক ৷ বিচাৰকসকলে তুৰ্কী বক্সাৰগৰাকীক 10 পইণ্ট দিয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত লাভলীনা চুৰমেনেলীৰ হাতত পৰাজিত হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী বক্সাৰে কেতিয়াও ইজনে সিজনৰ মুখামুখি হোৱা নাছিল ৷ বুধবাৰে অনুষ্ঠিত খেলখনতেই দুয়োগৰাকী বক্সাৰ প্ৰথমবাৰৰ বাবে মুখামুখি হয় ৷

Muay Thai practitioner হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অসমৰ 23 বছৰীয়া বক্সাৰগৰাকী কিছু দিনৰ পূৰ্বে podium finish সুনিশ্চিত কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল ৷ বিজেন্দৰ সিং (2008) আৰু মেৰী কম (2012)ৰ পাচতে লাভলীনাই podium finish সুনিশ্চিত কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, অসমৰ বাবে এইটোৱে হ'ব অলিম্পিকৰ প্ৰথমটো পদক ৷

লগতে পঢ়ক:লাভলীনালৈ ৫০ লাখ টকা আৰু প্ৰথম শ্ৰেণীৰ চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.