ETV Bharat / state

বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই - অলিম্পিক

বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকত (tokyo olympics) গোলাঘাটৰ সু-সন্তান লাভলীনা বৰগোঁহাই । অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পিছত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ ।

বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

author img

By

Published : Jul 21, 2021, 3:23 PM IST

Updated : Jul 22, 2021, 12:07 PM IST

গোলাঘাট, 21 জুলাই : বুকুত অযুত সপোন লৈ টকিঅ' অলিম্পিকলৈ গৈছে (tokyo olympics) গোলাঘাটৰ সু-সন্তান লাভলীনা বৰগোঁহাই (lovlina borgohain)। অসমৰ লগতে ভাৰতবৰ্ষলৈ ইটোৰ পিছত সিটো খিতাপ অৰ্জন কৰা লাভলীনা এইবাৰ টকিঅ' অলিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা অসমৰ একমাত্ৰ খেলুৱৈ । ২৪ জুলাইত ভাৰতীয় সময় মতে ৭ বাজি ৩০ মিনিটত টকিঅ' অলিম্পিকৰ বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব ভাৰতীয় খেলুৱৈ লাভলীনা বৰগোঁহাই ।

যাৰ বাবে লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত এতিয়া ভীৰ কৰিছে অগণন শুভাকাংক্ষীয়ে । অলিম্পিকত যাতে লাভলীনাই পদক অৰ্জন কৰে, তাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছে বিভিন্নজনে । উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিল’মিটাৰ নিলগত অৱস্থিত বাৰমুখীয়া গাঁৱত লাভলীনাৰ জন্মস্থান ।

টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

শৈশৱৰ পৰাই বক্সিং খেলৰ প্ৰতি আকৃষ্ট আছিল লাভলীনা । লাভলীনাৰ লগতে তেওঁৰ দুগৰাকী জ্যেষ্ঠ ভগ্নী কিক বক্সিঙৰ প্ৰতি আকৃষ্ট আছিল । যাৰ বাবে পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনী বৰগোঁহাইয়ে তিনিওকে বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ খেলপথাৰত প্ৰশিক্ষক প্ৰশান্ত দাসৰ ওচৰত প্ৰশিক্ষণ দিছিল ।

ইপিনে পিতৃ-মাতৃয়ে আশা কৰাতকৈও তিনিওটি সন্তানে কিক বক্সিং আৰু বক্সিং খেলৰ জৰিয়তে যোগ্যতা অৰ্জন কৰাত সফলতা লাভ কৰিছিল । জ্যেষ্ঠ ভগ্নী ক্ৰমে লিছা আৰু লীমা বৰগোঁহাইয়ে খেলৰ জৰিয়তে বিএছএফ (BSF) আৰু চিআইএছএফত (CISF) চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, লাভলীনা মামনী বৰগোঁহাইয়ে বিভিন্ন প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ আঁজুৰি আনিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে, প্ৰকৃতাৰ্থত সাধাৰণ এগৰাকী অসমীয়া ছোৱালীয়েই অসমক বিশ্বৰ সন্মুখত তুলি ধৰিব । বিশ্বৰ ক্ৰীড়া জগতত প্ৰতিষ্ঠা কৰিব অসম তথা দেশৰ নাম । ক্ৰীড়াৰ জৰিয়তে বিশ্বলৈ কঢ়িয়াই নিব অসমৰ স্বাভিমান ৷

গোলাঘাটৰ ধনশিৰি মহকুমাৰ এখন সাধাৰণ গাঁও বাৰমুখীয়া । অসমৰ অন্যান্য গাঁৱবোৰৰ দৰেই এখন সাধাৰণ গাঁও । একেই পানী, একেই বতাহ । তেওঁৰ জীৱন ধাৰণৰ শৈলীও সাধাৰণ অসমীয়া ছোৱালীৰ দৰেই ।

বাৰিষা পথাৰত ভূঁই ৰোৱে, আঘোণৰ পথাৰত ধান দাৱলৈ যায় । ঘৰত মাকৰ লগত পাকঘৰত হাত উজান দিয়ে, দেউতাকৰ কামতো ইটো-সিটো সহায় কৰি দিয়ে ৷ এয়াই হৈছে অসমৰ স্বাভিমানী জীয়ৰী লাভলীনা বৰগোঁহাই ৷

এইগৰাকী লাভলীনালৈ এইবাৰ প্ৰতিজন অসমবাসীয়ে জনাইছে আশীৰ্বাদ আৰু শুভকামনা । যাতে এইবাৰৰ অলিম্পিকত লাভলীনাই পদক অৰ্জন কৰি ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব পাৰে । এই ক্ষণতে আমি ইটিভি ভাৰতৰ ফালৰ পৰাও লাভলীনা বৰগোঁহাইলৈ জনালো অলেখ অযুত শুভকামনা ৷

লগতে পঢ়কঃ বাহিৰৰ পৰা তেল আনিলে মূল্যবৃদ্ধি হ’বই : অধ্যক্ষৰ অসহায় উত্তৰ

Last Updated : Jul 22, 2021, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.