গোলাঘাট,২৬ জুন: গোলাঘাটত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯ৰ গণ সংক্ৰমণ । ক্ৰমাৎ বাঢ়ি অহা গণ সংক্ৰমণে গোলাঘাটত এক অভাৱনীয় পৰিস্থিতিৰ যে সৃষ্টি নকৰিব তাক নুই কৰিব নোৱাৰি । এক ভয়াবহ দিশলৈ আগবঢ়াৰ পাছতো একাংশই এই লৈ এতিয়া কৰিছে ভেঙুচালি । ক'ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বলবৎ কৰা নীতি নিৰ্দেশনা অৱমাননা কৰাৰ যেন প্ৰতিযোগিতাহে চলিছে গোলাঘাট চহৰত ।

এনে আইন অমান্যকাৰী সকলক এশিকনি দিয়াৰ উদ্দেশ্যৰে শুকুৰবাৰে গোলাঘাট নগৰৰ বিভিন্ন বজাৰত গলিয়ে গলিয়ে সোমাই পৰিল গোলাঘাট প্ৰশাসনৰ লগতে কেইবাটাও বিভাগৰ কৰ্মচাৰী । জিলা প্ৰশাসন, আৰক্ষী, জিলা প্ৰাধিকাৰীৰ বিষয়া, পৌৰসভাৰ বিষয়া-কৰ্মচাৰী, স্বাস্থ্য বিভাগৰ লোক তথা কোৱাৰেণ্টাইন সমিতিৰ বিষয়ববীয়াৰ এটা দলে নগৰখনত চলালে অভিযান ।
মাস্ক পৰিধান নকৰা লোক সকলকো দিলে উচিত শিক্ষা । ২০০ৰ পৰা ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ল নীতি-নিৰ্দেশনা অৱমাননা কৰা লোক সকলে । পৰৱৰ্তী সময়ত নগৰবাসীয়ে যদিহে চৰকাৰৰ নিয়মাৱলী অনুসৰণ নকৰে তেনেহ'লে প্ৰয়োজন অনুযায়ী কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মন্তব্য কৰিলে গোলাঘাট আইন প্ৰাধিকাৰীৰ বিষয়াগৰাকীয়ে।
উল্লেখ্য যে, গোলাঘাটৰ তিনিটা স্পৰ্শকাতৰ আৰু কন্টেইনমেন্ট জ'নত যদিহে ভ্ৰমণৰ তথ্য নথকা কোনো লোকৰ শৰীৰত ক'ভিড পজিটিভৰ স্থিতি ধৰা পৰে, তেনেহলে সমগ্র গোলাঘাট জিলাখনতে সম্পূৰ্ণ লক ডাউন দিয়াৰ ঈংগিত দিলে জিলা কৰ্তৃপক্ষই ।
লগতে পঢ়ক : বৰঘূলীত লুইতৰ বানৰ সংহাৰী ৰূপ