ETV Bharat / state

বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবেই গৃহহাৰা হ’ল এটা পৰিয়াল

গোলাঘাট জিলাৰ মৰঙীত বেংকৰ ঋণ পৰিশোধ নকৰি বিপদত এটা পৰিয়াল ৷ বেংক কৰ্তৃপক্ষৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত চীল কৰিলে বাসগৃহ।

author img

By

Published : Oct 14, 2020, 5:53 PM IST

loan not given by bank  property seal bank authority at  golaghat one famaliy
বেংকৰ ঋণ পৰিশোধ নকৰাৰ বাবেই গৃহহাৰা হ’ল এটা পৰিয়াল

গোলাঘাট,14 অক্টোবৰঃ আপুনি ৰাজহুৱা খণ্ডৰ বেংকৰ পৰা ঋণ লৈ সময়মতে ঋণ পৰিশোধ কৰা নাই নেকি ? যদি নাই কৰা তেনেহলে সাৱধান ৷ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰ খালি কৰি বাহিৰলৈ ওলাবলৈ বাধ্য মৰঙীৰ এটা পৰিয়াল ৷ দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত বেংক কৰ্তৃপক্ষই চীল কৰিলে ঘৰ ৷

উল্লেখযোগ্য যে, মৰঙী পানীকৰা গাঁৱৰ ললিত বুঢ়াগোহাঁই নামৰ লোকজনে গোলাঘাটৰ ৰঙাজান বেংক অফ বৰোদাৰ পৰা প্ৰায় ১৮ মাহ পূৰ্বে দহ লাখ টকা ঋণ লৈ পৰিশোধ কৰা নাই এটকাও ৷ ইপিনে টকা পৰিশোধ নকৰাৰ বাবে নটিছৰ উপৰি নটিছ দি ভাগৰিল বেংক কৰ্তৃপক্ষই ৷ যাৰ বাবে দণ্ডাধীশ আৰু আৰক্ষীৰ উপস্থিতিত বেংক কৰ্তৃপক্ষই ঘৰৰ ভিতৰৰ সকলো আচবাব বাহিৰ কৰি চীল কৰি দিয়ে ললিত বুঢ়াগোহাঁইৰ ঘৰটো ৷ আনহাতে এমাহৰ ভিতৰত ঋণ পৰিশোধ নকৰিলে বেংক কৰ্তৃপক্ষই মাটি সম্পত্তি নিলাম কৰি ঋণ আদায় কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ বিহাৰ নিৰ্বাচন: হাছানপুৰত মনোনয়ন দাখিল তেজ প্ৰতাপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.