গোলাঘাট, 21 মে’: গোলাঘাটৰ 2 নং কোৱানীত বুধবাৰে নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হয় এজন লোক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনৰ নাম হৰি বৰাইক । গৰু আনিবলৈ যাওঁতে বাঘে আক্ৰমণ কৰে হৰি বৰাইক । আক্ৰমণৰ ফলত মূৰত আৰু হাতত আঘাত পায় লোকজনে ।
আঘাতপ্ৰাপ্ত হৰি বৰাইক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, গোলাঘাটৰ এই অঞ্চলটোত বহুদিন ধৰি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে অঞ্চলবাসীৰ গৰু, ছাগলী, গাহৰি ভক্ষণ কৰি আছে বাঘে । বন বিভাগক খবৰ দিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: ৰাজ্যত সুস্থ 7জন কৰ'ণাত আক্ৰান্ত ৰোগী, ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ