ETV Bharat / state

দেৰগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট - ময়ংক মেডিকেল

গোলাঘাট দেৰগাঁও আৰক্ষীৰ বৃহৎ সফলতা ৷ জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট । আটক দুই ৷

Large quantity of addictive tablets seized in Dergaon
দেৰগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট
author img

By

Published : Sep 10, 2020, 3:27 PM IST

গোলাঘাট, 10 ছেপ্তেম্বৰ: গোলাঘাটৰ দেৰগাঁও আৰক্ষীৰ সফলতা । পুৱাই আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট । এখন নম্বৰ বিহীন মাৰুটি ইক্ ভেনত গোলাঘাট হৈ ডিমাপুৰ অভিমুখে নি থকা অৱস্থাত উদ্ধাৰ কৰা হয় নিচাজাতীয় টেবলেটখিনি ।

দেৰগাঁৱত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় নিচাযুক্ত টেবলেটখিনিৰ লগতে এখন মাৰুতি ইক্ ভেন । দেৰগাঁৱৰ ‘ময়ংক’ মেডিকেলৰ পৰা ডিমাপুৰৰ দিশে নি থকা হৈছিল টেবলেটখিনি । বৰ্তমানে দেৰগাঁও আৰক্ষীয়ে মেডিকেলখনৰ স্বতাধিকাৰী দ্বীপ চোমানিৰ লগতে গাড়ী চালকজনক আটক কৰিবলৈ সক্ষম হৈছে ।

জব্দ নম্বৰ বিহীন এখন বাহন
জব্দ নম্বৰ বিহীন এখন বাহন

আৰক্ষীয়ে গাড়ীখনৰ পৰা তিনিখন কাৰ্টনত 30 পেকেট ড্ৰাগছ জাতীয় টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জব্দকৃত টেবলেটখিনি লক্ষাধিক মূল্য হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । দ্বীপ চোমানিক লগত লৈ এই মুহূৰ্তত ময়ংক ফাৰ্মাচীত অভিযান চলাইছে দেৰগাওঁ আৰক্ষীয়ে ।

আটক দ্বীপ চোমানিক
আটক ময়ংক মেডিকেলৰ স্বতাধিকাৰী দ্বীপ চোমানিক

লগতে চাওক-ব্লেড ফেঞ্চিঙে বিপদ মাতিছে কাজিৰঙাৰ জীৱকূললৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.