ETV Bharat / state

পৱিত্ৰ ভাদ মাহ, হৰি নাম কীৰ্তনেৰে মুখৰিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ - গোলাঘাট

বৈকুণ্ঠ পুৰীলৈ পৰিণত হ'ল ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ চৌদিশ ।পৱিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰ উপলক্ষে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভকত বৈষ্ণৱৰ লানি নিচিগা সোঁত৷

গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ
author img

By

Published : Sep 15, 2019, 1:52 PM IST

গোলাঘাট, 15 ছেপ্টেম্বৰঃ পৱিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰ উপলক্ষে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত অগণন ভকত বৈষ্ণৱে ভিৰ কৰিছে ৷ দেওবাৰে পুৱাৰে পৰাই আঠখেলীয়া নামঘৰত দেখা গ'ল ভকত বৈষ্ণৱৰ লানি নিচিগা সোঁত৷

গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ

জন বিশ্বাস আছে যে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত পৱিত্ৰ ভাদ মাহত শৰাই নৈৱেদ্য আগবঢ়ালে আৰু বন্তি জ্বলাই নেদেখা জনৰ ওচৰত সেৱা ল'লে মনৰ আশা পূৰ্ণ হয় । সেয়ে গোলাঘাট জিলাৰ এই ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰলৈ আহিল দুৰ-দুৰণিৰ ভকত বৈষ্ণৱ । লক্ষ লক্ষ ভকত বৈষ্ণৱক আপ্যায়িত কৰিবলৈ নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলকো তৎপৰ দেখা গ'ল । উল্লেখ্য যে নামঘৰ পৰিচালনা সমিতিয়ে সমগ্ৰ ভাদ মাহত ৰাজ্য খনৰ লগতে উত্তৰপূৱৰ প্ৰায় 10 লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম হোৱাৰ আশা কৰি কাৰ্য সম্পাদন কৰি আহিছে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে গোলাঘাট আৰক্ষীৰ এটা দলেও দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে৷

Intro:আজি পৱিত্ৰ ভাদ মাহৰ শেষৰটো দেওবাৰ । আজিৰ এই দিনটোত গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভিৰ কৰে অগণন ভকত বৈষ্ণৱে । দেওবাৰে পূৱাৰে পৰাই দেখা গল ভকত বৈষ্ণৱৰ লানি নিচিগা সোঁত। পবিত্ৰ ভাদ মাহৰ ভদীয়া নামৰ আছে অন্য এক মহত্ব । সেয়ে দেওবাৰে পূৱাতে আঠখেলীয়া নামঘৰৰ চৌহদত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল । জন বিশ্বাস আছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত পবিত্ৰ ভাদ মাহত শৰাই নৈৱদ্য আগবঢ়ালে ,চাকি বন্তি জ্বলাই নেদেখা জনৰ ওচৰত সেৱা ললে মনৰ আশা পূৰণ হয় । দেওবাৰে পূৱাই দেখা গল অগণন ভকত বৈষ্ণৱে শৰাই-নৈৱদ্য আগবঢ়াই ,চাকি বন্তি জ্বলাই ,ধূপ ধূনা লগাই নেদেখা জনৰ ওচৰত আঠু ললে । গোলাঘাট জিলাৰ এই ঐতিহ্য মণ্ডিত আঠখেলীয়া নামঘৰলৈ আহিল দুৰ দুৰণি ভকত বৈষ্ণৱ । লক্ষ লক্ষ ভকত বৈষ্ণৱক আপ্যায়িত কৰিবলৈ তৎপৰ দেখা গল নামঘৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলকো । এতিয়া বৈকুণ্ঠ পুৰীত পৰিনত হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ চৌদিশ । সমগ্ৰ ভাদ মাহত ৰাজ্য খনৰ লগতে উত্তৰপূৱৰ প্ৰায় ১০ লক্ষাধিক ভকত বৈষ্ণৱৰ সমাগম হোৱাৰ আশা কৰি কাৰ্য সম্পাদন কৰি আহিছে নামঘৰ পৰিচালনা সমিতিয়ে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱ সকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে গোলাঘাট আৰক্ষীৰ এটা দলেও দিনে নিশাই পালন কৰিছে কৰ্তব্য । মনৰ আশা পূৰণৰ অৰ্থে নামঘৰ দৰ্শন কৰা ভকত বৈষ্ণৱ সকলৰ যাতে আশা পূৰণ হয় তাৰেই কামনা কৰা হল ।Body:Byte 1 - মহিলা
Byte 2 - পুৰুষ
Byte 3 - বিষয়ববীয়া নামঘৰ পৰিচালনা সমিতি Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.