আমগুৰি/সৰুপথাৰ, 17 নৱেম্বৰ : কাঁচিৰ কেচ্ কেচ্ শব্দ আৰু দাৱনীৰ হাঁহিৰ খিল-খিলনিত ভৰি পৰিছে ৰাজ্যৰ সোণোৱালী পথাৰসমূহ ৷ কিয়নো পহিলা আঘোণ ৷ ৰাজ্যৰ প্ৰতিখন পথাৰতে এতিয়া সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৰোৱনী-দাৱনীসকল ৷ শাওনৰ বোকাত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা হেঁপাহৰ পথাৰখন হৈ পৰিছে সোণবৰণীয়া ৷ শীতৰ বোকোচাৰে নামি আহিছে হেঁপাহৰ আঘোণ(Aghon) মাহ ৷
আঘোণ মানেই চহা কৃষকৰ সপোনৰ পকা সোণগুটি চপোৱাৰ সময় ৷ সেয়েহে আঘোণ আহিলেই ব্যস্ত হৈ পৰে গ্ৰামাঞ্চলৰ লোকসকল ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ শিৱসাগৰ জিলাৰ শলগুৰি মৌজাৰ আহিনী পথাৰতো দেখিবলৈ পোৱা গৈছে কৃষকৰ ব্যস্ততা ৷ অৱশ্যে এইবাৰ পূৰ্বতকৈ হ্ৰাস পাইছে ধানৰ উৎপাদনৰ মাত্ৰা ৷ পূৰ্বৰ তুলনাত আশাপ্ৰদ ফল লাভ কৰা নাই কৃষক ৰাইজে ৷
আঘোণ মাহ চহা কৃষকৰ ফচল প্ৰাপ্তিৰ হেঁপাহৰ মাহ যদিও আগৰ বৰ্ষসমূহৰ তুলনাত এইবাৰ কৃষকসকলে লাভ কৰা নাই আশানুৰূপ উৎপাদন ৷ কোনোবাখন পথাৰত যদি ধানে গেৰ নেমেলিলে, আন কোনোবাখন পথাৰত আকৌ ধানৰ ঠাইত বৃদ্ধি পালে পতান ৷ এই ক্ষেত্ৰত কৃষকসকলে কৃষি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ।
জলবায়ুৰ পৰিৱৰ্তন, অনাবৃষ্টি, কৃষি বিভাগৰ হেমাহি, বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰয়োগৰ অভাৱৰ বাবেই কৃষকসকলৰ উৎপাদন হ্ৰাস পোৱাৰ অভিযোগ তুলিছে কৃষকসকলে ৷ প্ৰতি বিঘাত 5 কুইণ্টলৰ ঠাইত 3ৰ পৰা 2 কুইণ্টল ধানহে লাভ কৰিবলৈ সক্ষম হয় দুৰ্ভগীয়া কৃষকসকলে । ইয়াৰ ভিতৰত অধিকাংশই পতান বুলি তেওঁলোকে জানিবলৈ দিয়ে ।
কেৱল বিজ্ঞাপনতেই সীমাবদ্ধ হৈ থকা কৃষি বিভাগৰ আধুনিকীকৰণ আৰু প্ৰকৃত কৃষকে আঁচনিসমূহৰ ফল লাভ নকৰাৰ বাবে উৎপাদন হ্ৰাস পাইছে পথাৰসমূহত । ৰাজ্যৰ গুৰুত্বপূৰ্ণ কৃষি বিভাগে কাগজে-কলমে কৃষকৰ উন্নয়ন হোৱা দেখুৱালেও প্ৰকৃত ছবিখন সম্পূৰ্ণ ওলোটা । বাস্তৱিকতে বহু কৃষক এতিয়াও কৃষি বিভাগৰ দ্বাৰা যোগান ধৰা ট্ৰেক্টৰ তথা কৃষিকাৰ্যত ব্যৱহৃত অন্যান্য যন্ত্ৰসমূহৰ পৰা বঞ্চিত ।
আনহাতে, কিছু সংখ্যক কৃষকে যন্ত্ৰ ব্যৱহাৰ কৰিলেও নিজৰ জেপৰ ধন খৰচ কৰিহে এই যন্ত্ৰসমূহ ক্ৰয় কৰিছে । চলিত বছৰত কৃষকৰ মূল সমস্যাটোৱেই আছিল অনাবৃষ্টি । বহু পথাৰত জলসিঞ্চনৰ অভাৱৰ বাবে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি বৰষুণলৈ বাট চাই থকা কৃষকসকল হতাশাত ভুগিবলগীয়া হৈছে ।
সৰুপথাৰৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ মাজগাঁও অঞ্চলৰ মহিলাসকলকো পকা ধানৰ মুঠি কটা দেখিবলৈ পোৱা গৈছে । খৰাং বতৰৰ বাবে নিজৰ খেতিভাগ চন পৰি ৰোৱাৰ বাবে দুঃখিত মহিলাসকল ৷ একাংশ মহিলাই আকৌ চুবুৰীয়াৰ সোণোৱালী পথাৰত ধান কাটি পাতলাইছে মনৰ দুখ ।
ৰবাব টেঙাৰ সোৱাদ লৈ বিহুনাম গাই নাচি-বাগি পকা ধানৰ মুঠি কাটিয়েই খৰাঙে তেওঁলোকৰ খেতিত আউল লগোৱাৰ কথা ব্যক্ত কৰে মহিলাসকলে ৷ খৰাং পীড়িতৰ বাবে ঘোষিত চৰকাৰী সাহায্য প্ৰকৃত কৃষকে লাভ কৰাৰ লগতে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ পথাৰৰ পৰাই চৰকাৰক আহ্বান জনায় এইসকল দাৱনীয়ে ।
লগতে পঢ়ক : Rashleela: টীয়কত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাসৰ পূৰ্ণ প্ৰস্তুতি