গোলাঘাট, 27 এপ্ৰিল : ক'ভিডৰ ভয়াবহতাৰ মাজতে নুমলীগড় শোধনাগাৰ শ্ৰমিক ইউনিয়নে গোলাঘাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শোধনাগাৰত কৰ্মৰত শ্ৰমিকে ESIC অৰ্থাৎ Employees State Insurance Corporation ত নাম অন্তৰ্ভূক্তি আৰু স্বাস্থ্য বীমাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰটোৰ শ্ৰমিক ইউনিয়নে ৷
শোধনাগাৰৰ মুখ্যদ্বাৰৰ সন্মুখত শ্ৰমিক ইউনিয়নৰ সদস্য সকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাচতে এই বিষয়ত শোধনাগাৰ কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে । কৰ'ণাৰ প্ৰথমটো ঢৌৰ পৰাই শ্ৰমিকসকলে এই স্বাস্থ্য বীমা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি সদৰি কৰে শ্ৰমিক ইউনিয়নৰ সদস্য সকলে ৷
উল্লেখ্য যে, এক স্মাৰক পত্ৰ প্ৰদান কৰি শোধনাগাৰৰ প্ৰত্যেকজন শ্ৰমিকক ESIC ত নাম অন্তৰ্ভূক্ত কৰি স্বাস্থ্য বীমাৰ সুবিধা নিশ্চিত কৰিবলৈ আহ্বান জনাই শ্ৰমিক ইউনিয়নৰ সদস্য সকলে ৷
লগতে পঢ়ক: ১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য