ETV Bharat / state

খুমটাইত মৃনাল শইকীয়াৰ উদ্যোগত বিভিন্ন স্থানত ছেনিটাইজেশ্বন - নবীন হাজৰিকাৰ

খুমটাইৰ বেতিয়নি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৰাজহুৱা জনসমাগম হোৱা স্থান সমূহত আজি ছেনিটাইজেশ্বন কৰে ৷ বহিঃৰাজ্যৰ পৰা অহা খুমটাই সমষ্টিৰ পাঁচজন লোকক কোৱাৰেণ্টাইন কৰা হ'ল মৃণাল শইকীয়াৰ কোৱাৰেণ্টাইন চেণ্টাৰত ।

Khumtai village sensitization
খুমটাইত মৃনাল শইকীয়াৰ উদ্যোগত বিভিন্ন স্থানত চেনীটাইজেচন
author img

By

Published : May 18, 2020, 5:57 PM IST

গোলাঘাট,18মেঃ ক’ৰণা ভাইৰাছৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষত চতুৰ্থ পয্যায়ৰ লক ডাউন ঘোষণা কৰিছে। ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে খুমটাইবাসীয়ে ৷ বেতিয়নি গাওঁ পঞ্চায়তৰ উদ্যোগত বিভিন্ন ৰাজহুৱা জনসমাগম হোৱা স্থান সমূহকে ধৰি, স্বাস্থ্য বিভাগৰ উপ স্বাস্থ্য কেন্দ্ৰ সমূহত, সুলভ মূল্যৰ দোকান, বেঙ্ক, তিনি আলি-চাৰিআলি, ঐতিহাসিক সমন্বয় ক্ষেত্ৰ বৰগুৰি, বিভিন্ন ধৰ্মীয় অনুষ্ঠান সমূহত ছেনিটাইজেশ্বন কৰে হয় ৷

খুমটাইত মৃনাল শইকীয়াৰ উদ্যোগত বিভিন্ন স্থানত চেনীটাইজেচন

খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ উদ্যোগত বেতিয়নি গাওঁ পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা বেতিয়নি মণ্ডলৰ সভাপতি নবীন হাজৰিকাৰ সহযোগত এই কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ৷ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰন কৰাৰ সময়তে খুমটাইৰ বিধায়ক মৃনাল শইকীয়া আৰু বেতিয়নি গাওঁ পঞ্চায়তৰ এনে পদক্ষেপক জনসাধাৰণে আদৰনি জনাইছে ৷

Khumtai village sensitization
খুমটাইত মৃনাল শইকীয়াৰ উদ্যোগত বিভিন্ন স্থানত চেনীটাইজেচন

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই স্থাপন কৰা কোৱাৰেণ্টাইন চেন্টাৰত কোৱাৰেণ্টাইন হ'ল অসমৰ বাহিৰৰ পৰা অহা পাঁচ জন যুৱক । এই কোৱাৰেণ্টাইন গৃহত থকা সকলো লোকৰ খাদ্য যোগান ধৰিব যোগীবাৰীৰ গ্ৰাম্য মহিলা সংগঠনে। কোৱাৰেণ্টাইনত থকা প্ৰতিটো দিনৰ খাদ্য যোগান ধৰাৰ লগতে কোৱাৰেণ্টাইন গৃহ পৰিষ্কাৰ পৰিছন্ন কৰি ৰখাৰ দায়িত্বও গ্ৰহণ কৰিছে মহিলা সংগঠনটোৱে । বিধায়ক মৃণাল শইকীয়াৰ লগতে মহিলা সংগঠনটোৰ এনে কাৰ্যই চৰকাৰক সহযোগিতা আগবঢ়োৱাৰ লগতে আন মহিলা সকলকো অনুপ্ৰেৰণা যোগাব।

লগতে পঢ়কঃ তিনিচুকীয়াত স্বাৱলম্বীতাৰ নিৰ্দশন পূৰ্ণিমা মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.