ETV Bharat / state

আকষ্মিক বানৰ কৱলত খুমটাৰ বিস্তীৰ্ণ অঞ্চল

author img

By

Published : Oct 30, 2019, 9:01 PM IST

কাতিমহীয়া বানে নিমিষতে ক্ষতিগ্ৰস্ত কৰিলে খুমটাইৰ বহু পৰিয়ালৰ ঘৰৰ লগতে বহু বিঘা কৃষিভূমি ৷ বানাক্ৰান্তক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা স্থানীয় বিধায়ক মৃনাল শইকীয়াই ৷

খুমটাইত কাতিমহীয়া বানৰ তাণ্ডৱ

খুমটাই , 30 অক্টোবৰঃ এটা নিশাৰ ভিতৰতে বাঢ়ি অহা পানীয়ে তাণ্ডৱ চলাইছে গোলাঘাট জিলাৰ খুমটাইত ৷ কাতিমহীয়া বানে নিমিষতে ক্ষতিগ্ৰস্ত কৰিলে খুমটাইৰ বহু পৰিয়ালৰ ঘৰৰ লগতে বহু বিঘা কৃষিভূমি ৷ ধনশিৰি নদীৰ বাঢ়নী পানীয়ে ক্ষতিসাধন কৰিলে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫ খন গাঁও ৷ বৰবালিটুপ,লেটেকুচাপৰি, বগৰীয়নী, চুঙীহোলা, গান্ধীগাঁও আৰু কেইবাখনো গাঁৱৰ বহু হেক্টৰ পকিবলৈ ধৰা ধাননি পথাৰ নষ্ট কৰিলে বাঢ়নী পানীয়ে ৷ নিশা পানীৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল ৷ ভৰালৰ ধান, গৰু, ছাগলী,ঘৰৰ আচবাব সমূহ উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ ধাপলি মেলিব লগা হৈছে ৰাইজে ৷ প্ৰশাসনৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক খাদ্য যোগান ধৰা হৈছে ৷ স্থানীয় বিধায়ক মৃনাল শইকীয়াই নিজাববীয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰৰ ক্ষেত্ৰতো পদক্ষেপ লোৱাৰ কথা জনিবলৈ দিয়ে স্থানীয় নৈপৰীয়া ৰাইজে ৷

খুমটাইত কাতিমহীয়া বানৰ তাণ্ডৱ

লগতে পঢ়কঃ ছাকিব অল হাছানৰ সৈতে বুকীৰ কথোপকথন মুকলি

Intro:একেনিশাই বাঢ়ি অহা বাঢ়নী পানীয়ে নিমিষতে নষ্ট কৰিলে খুমটাইৰ বহু পৰিয়ালৰ মৰমৰ ঘৰখনৰ লগতে বহু কৃষি ভূমি।Body:
খুমটাইত আজিও অব্যাহত আছে কাতিমহীয়া বানৰ তাণ্ডৱ ৷ ধনশিৰি নদীৰ বাহনী পানীয়ে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৫ খন গাঁৱত ক্ষতি সাধন কৰিছে ৷ নিশা পানী কিছু পৰিমাণে বৃদ্ধি হোৱাত অধিক আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল ৷ কাতিমহীয়া অহা এই বানত খুমটাইৰ বৰবালিটুপ,লেটেকুচাপৰি, বগৰীয়নী, চুঙীহোলা, গান্ধীগাঁওকে ধৰি কেইবাখনো গাঁৱত বানৰ তাণ্ডৱ ৷ গাঁওকেইখনৰ লোকসকলৰ বহু হেক্টৰ পকিবলৈ ধৰা ধাননি পথাৰ বানে নষ্ট কৰিছে ৷ ইয়াৰ উপৰিও ভৰালৰ ধান, গৰু, ছাগলী,ঘৰৰ আচবাব সমূহ উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ নিবলৈ ধাপলী মেলিছে। প্ৰসাশনৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক খাদ্য যোগান ধৰিছে যদিও এতিয়াও বহু লোকে অনাহাৰে দিন ৰাতি পাৰ কৰিব লগীয়া হৈছে।। স্থানীয় বিধায়ক মৃনাল শইকীয়াই নিজা ববীয়াকৈ ক্ষতিগ্ৰস্ত লোকসকলক আহাৰৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰৰ ক্ষেত্ৰত পদক্ষেপ লোৱাৰ কথা জনিবলৈ দিয়ে নৈপৰীয়া ৰাইজে।Conclusion:Byte 1/ ভুক্তভূগী নৈপৰীয়া।

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.