খুমটাই,27জুনঃ খুমটাইৰ ১ নং ভোলাগুৰিৰ ধনশিৰি নদীত এটা মৃতদেহ উদ্ধাৰকলৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে । স্থানীয় লোকে মৃত দেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে মৃতদেহটো ধনশিৰি নদীৰ পৰা উঠোৱাৰ পাছতেই গোলাঘাট তপন নগৰৰ নিবাসী চেতন চাহু(দিপু, ৩৬ বছৰ) বুলি জানিব পৰা গৈছে ৷
চলিত মাহৰ ২৩ জুনৰ পৰাই নিৰুদ্দেশ হৈ আছিল দিপু চাহু নামৰ যুৱকজন । ঘটনা সৰ্ন্দভত গোলাঘাট আৰক্ষী থানাত সন্ধানহীন হোৱা বুলি পৰিয়ালৰ লোকে এজেহাৰ দাখিল কৰিছিল ৷ ইপিনে গোলাঘাট এৰেঙ্পাৰা ধনশিৰি নদীৰ দলঙৰ ওপৰত উদ্ধাৰ হৈছিল দিপুৰ মটৰ চাইকেলখন। শনিবাৰে মৃতদেহ উদ্ধাৰৰ পিছতেই দিপুৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে । মৃতদেহৰ মূৰত আঘাতৰ চিহ্ন প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকৰ লগতে আৰক্ষীয়ে হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃততে এইয়া হত্যা নে আত্মহত্যাৰ ঘটনা ৷
লগতে পঢ়কঃ তেজপুৰত লক ডাউনৰ প্ৰভাৱঃ স্তব্ধ জনজীৱন