ETV Bharat / state

গোলাঘাট নাৰ্ছিংহোমত কৰ'ণা সংক্ৰমণ - খুমটাইত চিনাক্ত প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগী

খুমটাইত চিনাক্ত প্ৰথমজন কৰ'ণাত আক্ৰান্ত ৰোগী ৷ পত্নীৰ চিকিৎসাৰ বাবে গোলাঘাট নাৰ্ছিং হোমত থকা স্বামী বিপুল গগৈৰ শৰীৰত কৰ'ণাৰ অৱস্থিতি ৷

Khumtai covid positive related to golaghat nursing home
গোলাঘাট নাৰ্ছিংহোমত কৰ'ণা সংক্ৰমণ
author img

By

Published : Jun 22, 2020, 8:41 PM IST

খুমটাই,22জুনঃ পত্নীৰ চিকিৎসাৰ বাবে গোলাঘাট নাৰ্ছিং হোমলৈ যোৱাই কাল হ’ল খুমটাইৰ এটা পৰিয়ালৰ ৷ গোলাঘাট নাৰ্ছিং হোমত পত্নীৰ চিকিৎসাৰ বাবে থকা খুমটাইত প্ৰথমজন ব্যক্তি আক্ৰান্ত হয় COVID-19ত ৷ খুমটাই চিকিৎসালয়ৰ দাঁতি কাষৰীয়া খুমটাই গাঁৱৰ বিপুল গগৈ নামৰ লোকজন পত্নীৰ চিকিৎসাৰ বাবে ১০ জুনৰ পৰা ১৯ জুনলৈ গোলাঘাট নাৰ্ছিংহোমত চিকিৎসাৰ বাবে আছিল ৷ ১৯ জুনত নাৰ্ছিংহোমৰ পৰা আহি পৰিয়ালটো হোম কোৱাৰেণ্টাইনত আছিল যদিও শেহতীয়াকৈ বিপুল গগৈৰ দেহত COVID-19 পজিটিভ ধৰা পৰে ৷ লগে লগেই বিপুল গগৈক চিকিৎসা বিভাগৰ লোক আহি কভিড চিকিৎসালয়লৈ লৈ যায় ৷ খুমটাই গাঁৱত COVID পজিটিভ ধৰা পৰাত এতিয়া আতংকিত হৈ পৰিছে খুমটাইবাসী ৷

গোলাঘাট নাৰ্ছিংহোমত কৰ'ণা সংক্ৰমণ

ইতিমধ্যে খুমটাই ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ বিপুল গগৈৰ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটি চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে ৷ স্থানীয় লোকে জনোৱা মতে নাৰ্ছিংহোমৰ পৰা অহাৰ পিছত কোনো লোক বিপুল গগৈৰ ঘৰলৈ অহা যোৱা কৰা নাছিল ৷ মুঠতে গোলাঘাট নাৰ্ছিংহোমৰ দায়িত্বহীনতাৰ বাবেই চিকিৎসালয়ত চিকিৎসাৰ বাবে যোৱা লোকৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে ৷ এতিয়া খুমটাইৰ ৰাইজৰ দাবী অতি শীঘ্ৰে গোলাঘাট নাৰ্ছিং হোমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰ-প্ৰশাসনে ৷

লগতে পঢ়কঃজয়ন্ত বৰাৰ মাতৃলৈ 9 লাখ টকাৰ চেকঃ এক হৃদয় বিদাৰক দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.