গোলাঘাট, 26 ছেপ্তেম্বৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হ'ব অক্টোবৰ মাহত ৷ এই কথা সদৰি কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱ কুমাৰে ৷ উল্লেখ্য যে, এই বছৰত অহা তিনিটাকৈ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চ'ৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ ফলত যাতায়তৰ বাট-পথ বিধস্ত হৈছিল ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বৰষুণ কম হ'লেই যাতায়তৰ সু-ব্যৱস্থা কৰি তোলা হ'ব । আনহাতে, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ প্ৰদান কৰা নিৰ্দেশাৱলী অনুসৰি উদ্যানলৈ অহা পৰ্যটকে ক'ভিড প্ৰট'কল মানি উদ্যানত প্ৰৱেশ কৰিব লাগিব । উদ্যানৰ ভিতৰত সোমোৱাৰ আগতে থাৰ্মেল স্কেন কৰা হ'ব । পৰ্যটকে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক । 10 বছৰৰ তলৰ বয়সৰ শিশুক উদ্যানত সোমোৱাটো নিষিদ্ধ কৰা হৈছে । জীপ চাফাৰিত যোৱা পৰ্যটকে এইবাৰ অধিক ভাড়া ভৰিব লাগিব পাৰে ৷ কাৰণ একোখন জীপত তিনিজন পৰ্যটকহে উঠিব পাৰিব । প্ৰতিখন গাড়ীত 50 শতাংশ পৰ্যটকহে উঠিব পাৰিব ।
লগতে পঢ়ক : স্থান এৰি মান হেৰুৱালে যতীন বৰাই