ETV Bharat / state

ভাৰতৰ পঞ্চম শীৰ্ষ পক্ষী আৱাসস্থলী হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

New Bird species in Kaziranga: ৮৪ হাজাৰ পক্ষীক নিজৰ বুকুত স্থান দি কাজিৰঙা উন্নীত হ’ল ভাৰতৰ “পঞ্চম শীৰ্ষ” পক্ষী আৱাসস্থলীলৈ ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাজিৰঙাত আৱিষ্কাৰ “গাল বিলড টাৰ্ণ” নামৰ এটা বিশেষ প্ৰজাতিৰ পক্ষী ৷

Bird species in Kaziranga
bird sanctuary in India
author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 10:49 PM IST

ভাৰতৰ পঞ্চম শীৰ্ষ পক্ষী আৱাসস্থলী হিচাপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা, 12 জানুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ “গাল বিলড টাৰ্ণ” নামৰ এটা বিশেষ প্ৰজাতিৰ পক্ষী ৷ এটা খৰ্গ থকা গঁড়, ঢেকায়াপতীয়া বাঘৰ লগতে বিভিন্ন বন্যপ্ৰাণীক নিজৰ বুকুত স্থান দি বিশ্বৰ মানচিত্ৰত নাম উজলাবলৈ সক্ষম হোৱা কাজিৰঙাই এইবাৰ আশ্ৰয় দিছে ৮৪ হাজাৰ পক্ষীক ৷ পূৰ্বৰ তুলনাত পক্ষীক স্থান দিয়াটো প্ৰায় ২৭ শতাংশ বৃদ্ধি পোৱাত কাজিৰঙা উন্নীত হ’ল ভাৰতৰ “পঞ্চম শীৰ্ষ” পক্ষী আৱাসস্থলীলৈ ৷

আটাইতকৈ লক্ষণীয় কথাটো হ’ল, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাজিৰঙাত আৱিষ্কাৰ কৰা হ’ল এক বিশেষ প্ৰজাতিৰ পক্ষী৷ কাজিৰঙাৰ বিজ্ঞানসন্মত পক্ষী গণনাত গণনাকাৰীৰ কেমেৰাত বন্দী হয় “গাল বিলড টাৰ্ণ” নামৰ এটা প্ৰজাতিৰ পক্ষীৰ ছবি ৷ কাজিৰঙাৰ শেহতীয়া পক্ষী গণনাত ৱাইল্ড লাইফ গাইড প্ৰাঞ্জল শইকীয়াৰ কেমেৰাত বন্দী হয় এই বিশেষ প্ৰজাতিৰ পক্ষীবিধ ৷

অষ্ট্ৰেলিয়া, ইউৰেছিয়া, দক্ষিণ এছিয়াৰ উপকূলীয় অঞ্চলত বসবাস কৰা এই 'গাল বিলড টাৰ্ণ' নামৰ পক্ষী প্ৰজাতিটো আহিছে সাত সাগৰ তেৰ নদী অতিক্ৰম কৰি কাজিৰঙালৈ ৷ গোলকীয় উষ্ণতাই ভয়াৱহ ৰূপ লোৱাৰ সময়তো কাজিৰঙা হাবিত আৱিষ্কাৰ হোৱা এই বিশেষ প্ৰজাতিৰ পক্ষীটোৰ অৱস্থিতিয়ে স্বাভাৱিকতে প্ৰকৃতিপ্ৰেমীসকলক উৎসাহিত কৰিছে ৷

পক্ষী গণনাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি অঞ্চলত গণনাকাৰীৰ দায়িত্বত থকা অৱস্থাত ৱাইল্ড লাইফ গাইড প্ৰাঞ্জল শইকীয়াই কেমেৰাত আবদ্ধ কৰে এই বিশেষ প্ৰজাতিৰ পক্ষীবিধক ৷ বনাঞ্চলৰ মূৰফুলনি এলেকাত দেখা পোৱা যায় এই গাল বিলড টাৰ্ণ ৷

গুৰুত্বপূৰ্ণ কথাটো হ’ল, কেৱল এই পক্ষীবিধেই নহয় শেহতীয়া পক্ষী গণনাত কাজিৰঙাই কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ ভাৰতবৰ্ষৰ প্ৰথম পাঁচটা পক্ষীৰ আৱাসস্থলী, “টপ ফাইভ” হিচাপে নিজৰ নাম অন্তৰ্ভুক্তিৰে ২০২৪ ৰ আৰম্ভণিতে সুখবৰ কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ৷ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে এক সংবাদমেলযোগে এই কথা সদৰী কৰে ৷

তেখেতে কয় যে ৮৪ হাজাৰ ৮৩৯ টা জলজ পক্ষীৰ অৱস্থিতি নিৰূপণেৰে দেশৰ ভৰতপুৰ, চিলিকা আদি পক্ষীৰ আবাসস্থলীৰ লগতে প্ৰথম পাঁচটা পক্ষী আৱাসস্থলীত কাজিৰঙাৰ নাম অন্তৰ্ভুক্তি সমগ্ৰ ৰাজ্যবাসীৰ বাবেই এক ভাল খবৰ ৷ কাজিৰঙাৰ কহঁৰাৰ বনবিভাগীয় শতবৰ্ষ উদযাপন সমাৰোহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত ড৹ ঘোষে সদ্যসমাপ্ত পক্ষী গণনাৰ ফলাফল প্ৰকাশ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত স্থায়ী আৰু পৰিভ্ৰমী জলজ পক্ষীৰ ২৭ শতাংশ বৃদ্ধি হোৱাৰ কথা সদৰী কৰে ৷

সংবাদমেলতে গণনাৰ সময়ত গণনাকাৰীয়ে কাজিৰঙাত ১০ টা দুৰ্লভ পক্ষীৰ অৱস্থিতি নিৰূপণ কৰাৰ লগতে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কাজিৰঙাত “গাল বিলড টাৰ্ণ” (Gul Billed Turn) নামৰ পক্ষীবিধ প্ৰত্যক্ষ কৰা হ’ল বুলি জানিবলৈ দিয়ে সঞ্চালকগৰাকীয়ে ৷

উল্লেখ্য, যোৱা ১০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ১১৫ খন বিলৰ লগতে দাঁতিকাষৰীয়া বিলসমূহ সামৰি পক্ষী গণনা চলোৱা হয় ৷ শতাধিক গণনাকাৰীৰ লগতে প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰী, গৱেষক, স্বেচ্ছাসেৱীৰ সহযোগত এই গণনাৰ ১০ তাৰিখেই অন্ত পৰে ৷ ইফালে, সংবাদমেলত সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰে যে, গণনাৰ সময়ত লাওখোৱা বুঢ়াচাপৰিত গঁড়ৰ উপস্থিতি প্ৰত্যক্ষ কৰাৰ লগতে বিশ্বনাথত এটা বিশেষ প্ৰজাতিৰ বন্যপ্ৰাণী প্ৰত্যক্ষ কৰা হয় ৷

লগতে পঢ়ক: কাজিৰঙাত মৎস্য় চিকাৰ নিষিদ্ধ ঘোষণা প্ৰশাসনৰ; 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.