ETV Bharat / state

Kaziranga closed for tourist 2022 : পৰ্যটকৰ বাবে বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - পৰ্যটকৰ বাবে বন্ধ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২০২১-২২ পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল মুঠ ২,৫৫,৬৭৬ গৰাকী পৰ্যটক (Number of tourists visiting Kaziranga this year) ৷ ইয়াৰে দেশী পৰ্যটক ২,৫৩,৯৮৯ আৰু বিদেশী পৰ্যটক ১,৬৮৭ গৰাকী ৷ বৰ্ষটোত সংগ্ৰহ হোৱা মুঠ ৰাজহৰ পৰিমাণ ৬,২৪,০৮,৬৫৪ টকা ৷

Kaziranga closed for tourist 2022
পৰ্যটকৰ বাবে বন্ধ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
author img

By

Published : Jun 1, 2022, 1:09 PM IST

বোকাখাত, ১ জুন : পৰ্যটকৰ বাবে বন্ধ হ'ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park has been closed to tourists)। বিগত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ হোৱা ২০২১-২২ পৰ্যটন বৰ্ষ ৩১ মে'ত অন্ত পৰাৰ কথা ঘোষণা কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ উদ্যান কৰ্তৃপক্ষৰ সূত্ৰৰ মতে সদ্য সমাপ্ত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আহিল মুঠ ২,৫৫,৬৭৬ গৰাকী পৰ্যটক ৷ ইয়াৰে দেশী পৰ্যটক ২,৫৩,৯৮৯ আৰু বিদেশী পৰ্যটক ১,৬৮৭ গৰাকী ৷

বিশেষকৈ ডিচেম্বৰ মাহতে কেৱল আগমন হ’ল ৫৫,৭৭৩ গৰাকী পৰ্যটকৰ ৷ আনহাতে পৰ্যটন বৰ্ষটোত সংগ্ৰহ হোৱা মুঠ ৰাজহৰ পৰিমাণ ৬,২৪,০৮,৬৫৪ টকা (Total revenue collection in Kaziranga National Park) ৷ লক্ষ্যণীয় বিষয়টো হ'ল যে বিগত দুটা বছৰ ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে কাজিৰঙালৈ পৰ্যটকৰ আগমন কম হ'ব বুলি আশংকা কৰা হৈছিল ।

কিন্তু ইয়াৰ বিপৰীতে শেহতীয়া পৰ্যটন বৰ্ষই অধিক মাত্ৰা দিলে কাজিৰঙাক ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ৰাষ্ট্ৰপতিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ৷ তদুপৰি সুলভ হৈ পৰা ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ লগতে বন্যপ্ৰাণীৰ বহু দুৰ্লভ দৃশ্যৰো সাক্ষী হ'ল দেশী-বিদেশী পৰ্যটকসকল ।

লগতে পঢ়ক :টুলুঙা নাৱৰে শিক্ষাৰ্থীৰ বিপদসংকুল যাত্ৰা: গুণোৎসৱৰ মাজতে মুকালমুৱাৰ শিক্ষাৰ্থীৰ হাহাকাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.